LOC, শ্ৰীনগৰ, অমৃতসৰত পাকিস্তানী সেনাৰ আক্ৰমণৰ খবৰ নস্যাৎ কৰিলে সেনা বিষয়াই

যুদ্ধ বিৰতি ঘোষণা কৰাৰ মাত্ৰ তিনি ঘণ্টাৰ পাছতেই পাকিস্তানী সেনাই সীমান্তত যুদ্ধ বিৰতি উলংঘন কৰাৰ খবৰ বিয়পি পৰিছিল যদিও সেনা বাহিনীৰ ফালৰ পৰা এই খবৰ নস্যাৎ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
LOC, শ্ৰীনগৰত, অমৃতসৰত পাকিস্তানী সেনাৰ আক্ৰমণৰ খবৰ নস্যাৎ কৰিলে সেনা বিষয়াই

ডিজিটেল ডেস্কঃ যুদ্ধ বিৰতি ঘোষণা কৰাৰ মাত্ৰ তিনি ঘণ্টাৰ পাছতেই পাকিস্তানী সেনাই সীমান্তত যুদ্ধ বিৰতি উলংঘন কৰাৰ খবৰ বিয়পি পৰিছিল যদিও সেনা বাহিনীৰ ফালৰ পৰা তেনে কোনো খবৰ এই মুহূৰ্তলৈকে প্ৰকাশ কৰা নাই। বৰঞ্চ এগৰাকী সেনা বিষয়াৰ উধৃতিৰে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয় যে, এল অ’ চিত এতিয়া কোনো ধৰণৰ গুলী বৰ্ষণ হোৱা নাই। 

Advertisment

ইফালে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এক্স হেণ্ডেলৰ জৰিয়তে শ্ৰীনগৰত বিস্ফোৰণৰ শব্দ শুনা পোৱা বুলি কৈছিল যদিও সেই একেগৰাকী সেনা বিষয়াই শ্ৰীনগৰতো তেনে কোনো বিস্ফোৰণ হোৱাৰ কথা অস্বীকাৰ কৰিছে। অৱশ্যে এই কথা তেওঁ উল্লেখ কৰিছে যে, সীমান্তৰ দিশে পাকিস্তানী ড্ৰোণ আহিছিল যদিও সীমাৰ কাষৰ পৰা আঁতৰি যায়। 

LOC, শ্ৰীনগৰ, অমৃতসৰত পাকিস্তানী সেনাৰ আক্ৰমণৰ খবৰ নস্যাৎ কৰিলে সেনা বিষয়াই

তেওঁ স্পষ্টকৈ কৈছে, উৰি, বাৰামুল্লা, উত্তৰ কাশ্মীৰৰ ক’তো গুলীবৰ্ষণ আৰু ড্ৰোণ আক্ৰমণ হোৱা নাই। উত্তৰ  কাশ্মীৰৰ সকলো স্থানতে অৱশ্যে ব্লেক আউট কৰা হৈছে। আনহাতে অমৃতসৰ এয়াৰ বেছতো আক্ৰমণৰ এক খবৰ প্ৰকাশ হৈছিল যদিও সেই খবৰো নস্যাৎ কৰিছে সেনা বিষয়াই। অৱশ্যে এ এন আইকে ধৰি বহুকেইটা সংবাদমাধ্যমে সীমান্তত গুলীবৰ্ষণ হোৱাৰ কথা প্ৰচাৰ কৰা দেখা গৈছে। কিন্তু ডিডি নিউজে এই খবৰ অস্বীকাৰ কৰিছে। 

যুদ্ধ জম্মু কাশ্মীৰ