দিল্লীত চৰকাৰ গঠন হ'লে বিহাৰৰ লগতে অন্য ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়া হ'ব: নীতিশ কুমাৰ

বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি(ইউ)ৰ নেতা নীতিশ কুমাৰে বৃহস্পতিবাৰে কয় যে কেন্দ্ৰত চৰকাৰ গঠন হ'লে বিহাৰকে ধৰি সকলো পিছপৰা ৰাজ্যক বিশেষ শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
দিল্লীত চৰকাৰ গঠন হ'লে বিহাৰৰ লগতে অন্য ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়া হ'ব: নীতিশ কুমাৰ

nitish kumar

ডিজিটেল ডেস্ক: বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি(ইউ)ৰ নেতা নীতিশ কুমাৰে  বৃহস্পতিবাৰে কয় যে কেন্দ্ৰত চৰকাৰ গঠন হ'লে বিহাৰকে ধৰি সকলো পিছপৰা ৰাজ্যক বিশেষ শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা হ'ব। পাটনাৰ সংবাদ ভৱনত মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰামীণ সৌৰ পথৰ পোহৰ যোজনাৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে। লগতে কয় যে দলে সদায় বিহাৰৰ বাবে বিশেষ শ্ৰেণীৰ মৰ্যাদা দাবী কৰি আহিছে।

নীতিশ কুমাৰে কয় যে প্ৰধানমন্ত্ৰী পাটনালৈ অহাৰ পিছতো তেওঁ বিহাৰৰ বাবে বিশেষ মৰ্যাদা দাবী কৰিছিল কিন্তু প্ৰধানমন্ত্ৰীয়ে সেই দাবী মানি নল'লে।  বিহাৰক বিশেষ মৰ্যাদা দিলে ৰাজ্যখন আৰু অধিক বিকশিত হ'লহেঁতেন বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

 নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি কয় যে চৰকাৰে কেৱল কথাহে কয় কাম নকৰে। কিন্তু বিহাৰৰ বিকাশৰ বাবে সকলো ধৰণৰ কামেই কৰি আছে নীতিশ কুমাৰে।

উল্লেখ্য যে, কেইমাহমান পূৰ্বেই বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিছিল নেতা গৰাকীয়ে। তাৰ পাছতেই গৰম হৈ পৰিছে বিহাৰৰ ৰাজনীতি।

delhi narendra modi nitish kumar bihar