/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/42948431-114b-4059-9265-32e31bba5e7e/29.jpg)
ডিজিটেল ডেস্কঃ পলকতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট। লোকসভা নিৰ্বাচনৰ ফলাফল নোলাওতেই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰলৈ আহিছে উপ-প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ। তথ্য অনুসৰি ইণ্ডিয়া এলায়েন্সৰ পৰা উপ-প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ লাভ কৰিছে নীতিশ কুমাৰে। অৱশ্যে এই কথা বৰ্তমানলৈ জনতা দল ইউনাইটেড ৰ দ্বাৰা নিশ্চিত কৰা হোৱা নাই।
সমাজবাদী পাৰ্টীৰ এগৰাকী নেতৃত্বই এই সন্দৰ্ভত এক্সত পোষ্ট কৰি কয় যে নীতিশ কুমাৰ INDIA মৰ্চালৈ ঘূৰি আহিব। যি সময়ত এন ডি এ য়ে ৩০০ আসনৰ সীমা অতিক্ৰম কৰিবলৈ সংগ্ৰাম কৰি আছে সেই সময়তে সমাজবাদী পাৰ্টীৰ নেতাগৰাকীৰ এই টুইটে চৰ্চাৰ সৃষ্টি কৰিছে।
সমাজবাদী পাৰ্টিৰ আই.পি. সিঙে এক্সত লিখে যে 'নীতিশ আমাৰ আছিল, আৰু আমাৰ হৈ থাকিব। জয় সীতা ৰাম।' ইয়াৰোপৰি শৰদ পাৱাৰে ফোনযোগে নীতিশ কুমাৰৰ সৈতে কথা পাতা বুলিও জানিব পৰা গৈছে।
অৱশ্যে এই সন্দৰ্ভত এন চি পিৰ মুৰব্বী শৰদ পাৱাৰে নীতিশ কুমাৰৰ সৈতে কোনো ধৰণৰ কথা-বতৰা হোৱা নাই বুলি স্পষ্ট কৰিছে।