''মই লজ্জিত আৰু দুখী অনুভৱ কৰিছো'' মহিলাক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলে বিহাৰৰ মুখ্য়মন্ত্ৰীয়ে

''মই লজ্জিত আৰু দুখী অনুভৱ কৰিছো'' মহিলাক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলে বিহাৰৰ মুখ্য়মন্ত্ৰীয়ে

ডিজিটেল ডেস্কঃ অৱশেষত ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। জনসংখ্যা নিয়ন্ত্ৰণক লৈ নীতিশ কুমাৰে কৰা মন্তব্যৰ পাছতে বিতৰ্কৰ সৃষ্টি হৈছিল। তাৰ পাছতে ক্ষমা খোজে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে, "মোৰ মন্তব্যক গৰিহণা দিয়া হৈছে আৰু যদি মোৰ বক্তব্য ভুল হৈছে তেন্তে মই ইয়াক প্ৰত্যাহাৰ কৰিছো। মই মোৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছো। বিধানসভাতো বিহাৰৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল।

সদনত ক্ষমা খুজি নীতিশে কয় যে, আমি মহিলাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিও। যদি মোৰ মন্তব্যই কাৰোবাক আঘাত কৰিছে মই মন্তব্য প্ৰত্যাহাৰ কৰিছো। মই নিজকে গৰিহনা দিছো। মই লজ্জিত হোৱাৰ লগতে দুখো অনুভৱ কৰিছো। সদনৰ প্ৰতিগৰাকী বিধায়কৰ আগত ক্ষমা খোজে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে নীতিশ কুমাৰে এক বিতৰ্কিত মন্তব্য কৰিছিল। মঙলবাৰে বিধানসভাত জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত মন্তব্য কৰিছিল নীতিশ কুমাৰে। নীতিশ কুমাৰে কৈছিল যে, মহিলাসকল শিক্ষিত হোৱা বাবে ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণ হৈছে।

তাৰ পাছত কয় যে, বিয়াৰ পাছত পুৰুষে পত্নীৰ লগত যৌন সম্বন্ধ স্থাপন কৰিব বিচাৰে।কিন্তু আমি বিহাৰৰ মহিলাসকলক ইমানেই শিক্ষিত কৰিছো যে তেওঁলোকে সঠিক সময়ত নিজৰ স্বামীক এনে কৰিবলৈ নিদিয়ে। যাৰ বাবে বিহাৰত জনসংখ্যা নিয়ন্ত্ৰণ হৈছে।

ইয়াৰ পাছতে আৰম্ভ হৈছিল সমালোচনাৰ।  কেন্দ্ৰীয় মন্ত্ৰী আৰোক সিঙে কৈছিল যে ''মইও বিহাৰৰ। মই লজ্জিত যে এনেকুনা মানুহ এজন আমাৰ মুখ্যমন্ত্ৰী। বিহাৰীসকলক লজ্জিত কৰি দিলে। অশ্লীল কথা কৈছে নীতিশ কুমাৰে''।

আনকি মহিলা আয়োগেও ইয়াৰ বিৰু্দ্ধে মাত মাতি নীতিশ কুমাৰক ক্ষমা খোজাৰ দাবী জনাইছিল।এনে মন্তব্য অধিত সংবেদনশীল আৰু আপত্তিজনক বুলি কৈছিল মহিলা আয়োগে।

''মই লজ্জিত আৰু দুখী অনুভৱ কৰিছো'' মহিলাক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলে বিহাৰৰ মুখ্য়মন্ত্ৰীয়ে
গহপুৰৰ ঘাঁহিগাঁৱৰ মেধাৱী ছাত্র ৰাজদ্বীপ সিনহাৰ সাফল্য

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in