কেন্দ্ৰীয় মন্ত্ৰীয়ে ক'লে; ১৫ টকাতে উপলব্ধ হ'ব পেট্ৰ'ল, দিলে ফৰ্মূলা...

কেন্দ্ৰীয় মন্ত্ৰীয়ে ক'লে; ১৫ টকাতে উপলব্ধ হ'ব পেট্ৰ'ল, দিলে ফৰ্মূলা...

ডিজিটেল ডেস্কঃ দেশত হোৱা মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতা। খাদ্য-সামগ্ৰীৰ পৰা আৰম্ভ কৰি পেট্ৰ'ল-ডিজেললৈ সকলোৰে বাঢ়িছে দাম। ইয়াৰ মাজতে চৰ্চাত আছে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ এক বিশেষ মন্তব্য।

গাডকাৰীয়ে পেট্ৰ'ল-ডিজেলৰ দামৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ এক ফৰ্মূলা দিয়ে। যি ফৰ্মূলা ব্যৱহাৰ কৰাৰ ফলত ১৫ টকাতে পেট্ৰ'ল লাভ কৰিব বুলি কয়। চৰকাৰৰ বাবে এই বিশেষ ফৰ্মূলা।

  তেওঁ কয় যে, "যদি ৬০ শতাংশ ইথানল আৰু ৪০ শতাংশ বিদ্যুৎ ব্যৱহাৰ কৰা হয়, তেন্তে পেট্ৰ'ল প্ৰতি লিটাৰত ১৫ টকাত উপলব্ধ হ'ব পাৰে। ইয়াৰ ফলত প্ৰদূষণ ৰোধ কৰাৰ লগতে ইন্ধন আমদানি হ্ৰাস কৰিব।

ৰাজস্থানৰ প্ৰতাপগড়ত ১১ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্প উদ্বোধন কৰাৰ সময়ত তেওঁ এই মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান ইন্ধন আমদানিৰ মূল্য ১৬ লাখ কোটি টকা। যদি ইয়াক হ্ৰাস কৰিব পাৰি, তেন্তে এই ধন বাহিৰলৈ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে কৃষকৰ ঘৰলৈ যাব। যাৰ ফলত কৃষকসকল লাভান্বিত হ'ব। উল্লেখ্য যে, ইথানল কুঁহিয়াৰৰ পৰা উৎপন্ন হয় আৰু ভাৰতত লাখ লাখ কুঁহিয়াৰ খেতিয়ক আছে।

কেন্দ্ৰীয় মন্ত্ৰীয়ে ক'লে; ১৫ টকাতে উপলব্ধ হ'ব পেট্ৰ'ল, দিলে ফৰ্মূলা...
শিশু দুটিক অত্যাচাৰ চলোৱাৰ অভিযোগত মেনেজাৰৰ বিৰুদ্ধে এজাহাৰ চিকিৎসক দত্তৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in