নীতিন গাডকাৰীলৈ প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱঃ ডাঙৰ অংক বিৰোধীৰ...

এক সাক্ষাতকাৰত নিজেই ক'লে গাডকাৰীয়ে এই কথা

author-image
Asomiya Pratidin
New Update
নীতিন গাডকাৰীলৈ প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱঃ ডাঙৰ অংক বিৰোধীৰ...

নীতিন গাডকাৰীলৈ প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱঃ ডাঙৰ অংক বিৰোধীৰ...

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকল্প কোন? গৃহ মন্ত্ৰী অমিত শ্বাহ যদিও দলটোৰ ভিতৰত আজিৰ তাৰিখত অতি প্ৰভাৱশালী তথাপিও তেওঁ মোডীৰ বিকল্প বুলি মানি ল'ব নিবিচাৰে স্বয়ং বিজেপিৰ ভিতৰৰে বহু নেতা, কৰ্মীয়ে।

Advertisment

এনে পৰিস্থিতিত বাৰে বাৰে নাম উচ্চাৰণ হৈ আহিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। আনকি দলৰ ভিতৰতে নীতিন গাডকাৰীক প্ৰধানমন্ত্ৰী হিচাপে চাবলৈ বিচাৰে একাধিক নেতাই।

লোকসভা নিৰ্বাচনৰ আগত আৰু ভোটগণনাৰ ঠিক আগে আগেও প্ৰধানমন্ত্ৰী হিচাপে চৰ্চালৈ আহিছিল নীতিন গাডকাৰীৰ নাম। এই চৰ্চাক শেহতীয়াকৈ নিজেই সত্য বুলি স্বীকাৰ কৰি লৈছে বৰ্ষীয়ান বিজেপি নেতাগৰাকীয়ে।

এক সাক্ষাৎকাৰত নীতিন গাডকাৰীয়ে নিজেই বিজেপি দলৰ গোপন তথ্য ফাদিল কৰি এই বিষয়ে মুকলিকৈ কৈছিল। তেওঁ স্বীকাৰ কৰিছে প্ৰধীমন্ত্ৰী হোৱাৰ বাবে তেওঁৰ ওচৰলৈ গৈছিল প্ৰস্তাৱ।

গাডকাৰীয়ে এক সাক্ষাতকাৰত এই সন্দৰ্ভত কয়, এবাৰ, দুবাৰ নহয় বহু কেইবাৰ তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ লাভ কৰিছে। আনকি সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ পাছতো তেওঁ এই প্ৰস্তাৱ লাভ কৰিছিল বুলিও জনাইছে। লোকসভা নিৰ্বাচনৰ পাছত গাডকাৰীলৈ প্ৰধানন্ত্ৰী হোৱাৰ প্ৰস্তাৱ অৱশ্যে বিজেপিৰ পৰা অহা নাছিল বুলিও তেওঁ স্পষ্ট কৰি দিছে।

গাডকাৰীৰ এনে মন্তব্যই এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে। বিজেপিৰ বাহিৰৰ পৰা কোনে তেওঁক প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিছিল? বিৰোধীয়ে বিজেপিত ভাঙোন আনি চৰকাৰ গঠনৰ দৰে চিন্তা কৰিছিল নেকি?

যিহেতু বিজেপিয়ে এইবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল, নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহায়তহে চৰকাৰ গঠন কৰিছে। গতিকে বিজেপি চৰকাৰৰ বিৰুদ্ধে তেনে অংক স্বাভাৱিক যদিও বিজেপিৰ দৰে এটা শক্তিশালী দলৰ মাজত ভাঙোন আনিবলৈ কৰা চেষ্টা কিন্তু সৰু কথা নহয়।

গাডকাৰীয়ে কৈছে, দলৰ বাহিৰৰ পৰা অহা সেই প্ৰস্তাৱ গ্ৰহণ কৰাৰ কোনো প্ৰশ্নই নাছিল। মই মোৰ আদৰ্শৰ পৰা বিচলিত হ'ব নোৱাৰো। প্ৰধানমন্ত্ৰী হোৱা মোৰ উদ্দেশ্য নহয়। মই মতাদৰ্শক অধিক গুৰুত্ব দিওঁ।

গতিকে গাডকাৰীৰ এই মন্তব্যত স্পষ্ট হৈছে তেওঁক বিজেপি বা আৰ এছ এছৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়া হোৱা নাছিল, পৃথক মতাদৰ্শৰহে কোনোৱে এই প্ৰস্তাৱ দিছিল।

উল্লেখ্য যে, মোডীৰ প্ৰতিদ্বন্দি হিচাপে বহুতেই গাডকাৰী বুলি ক'ব বিচাৰে। একালৰ এইগৰাকী বিজেপি সভাপতিক দলৰ সকলো কৰ্মীৰ মাজতেই সন্মানীয় আৰু আদৰ্শবান হিচাপে পৰিচিত। অতি ভদ্ৰ ৰাজনৈতিক নেতা হিচাপেও পৰিচিত নীতিন গাডকাৰীক বিৰোধীয়েও যথেষ্ট সমীহ কৰে।

নৰেন্দ্ৰ মোডীৰ উত্থানৰ পূৰ্বে বিজেপিত গাডকাৰী আছিল যথেষ্ট শক্তিশালী। কিন্তু ২০১২-১৩ ত নৰেন্দ্ৰ মোডীৰ উত্থানৰ লগে লগে মোডীৰ হাতত ধৰিয়েই অমিত শ্বাহ আৰু জে পি নড্ডাৰো উত্থান ঘটে।

এইসকল নেতাৰ কৌশলতে লাহে লাহে গাডকাৰী দলৰ গুৰুত্বপূৰ্ণ বিষয়বাবৰ পৰা আঁতৰি অহাৰ লগতে শক্তিহীনো হৈ পৰে। কিয়নো তেওঁলোকেও গাডকাৰীৰ গ্ৰহণযোগ্যতা উপলব্ধি কৰিব পাৰিছিল।

অৱশ্যে এইসকল নেতাক আজিও বৰ বেছি গুৰুত্ব নিদিয়ে গাডকাৰীয়ে। স্পষ্টকৈ ৰাজহুৱা মঞ্চৰ পৰাও নিজ চৰকাৰ তথা নেতাক সমালোচনা কৰিবলৈ পাহৰা নাই তেওঁ।

Also Read: সন্তানৰ মংগল কামনাই হ'ল হৈ পৰিল কাল ! নৈত উটি গ'ল ৩৭ শিশুসহ ৪৬ জন...

নৰেন্দ্ৰ মোডী বিজেপি নীতিন গাডকাৰী