ডিজিটেল ডেস্কঃ মঙ্গলবাৰে লোকসভাত গৃহীত হ'ল 'এক দেশ, এক নিৰ্বাচন' বিধেয়ক। এই বিধেয়ক উত্থাপনৰ ক্ষেত্ৰত চৰকাৰী পক্ষ বিৰোধীৰ দ্বাৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়।
বিৰোধীৰ দাবী অনুসৰিয়েই বিধেয়কখনৰ বাবে ভোটিঙৰ আশ্ৰয় লোৱা হৈছিল। এই ভোটিঙত চৰকাৰৰ সপক্ষে ২৬৯ টা ভোট পৰে। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সংসদত চৰকাৰী পক্ষৰ শক্তি হৈছে ২৯৩।
বিধেয়কখন উত্থাপনৰ পূৰ্বে চৰকাৰে সকলো সাংসদক উপস্থিত থাকিবলৈ হুইপো জাৰি কৰিছিল। তাৰ পাছতো ২৪ জনকৈ সাংসদ উপস্থিত নথকা বিষয়টোৱে চৰকাৰী পক্ষক বিব্ৰত কৰি তুলিছে।
যি ২০ গৰাকী সাংসদ অনুপস্থিত আছিল তাৰ ভিতৰত আছিল বিজেপিৰে কেইবাজনো জ্যেষ্ঠ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী। জ্যেষ্ঠ মন্ত্ৰী নীতিন গাডকাৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, গিৰিৰাজ সিঙৰ দৰে বিজেপি নেতাও আছে এই তালিকাত।
এনে পৰিস্থিতিত এতিয়া বিজেপি শিবিৰে এইসকল গেৰুৱা নেতাই কিয় হুইপ অমান্য কৰিলে তাক লৈ কাৰন দৰ্শোৱাৰ জাননী জাৰি কৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে ইয়াৰো কোনো সদস্যই অনুপস্থিতিৰ কাৰণ পূৰ্বেই দলক অৱগত কৰিছিল নেকি সেই বিষয়েও পৰ্যালোচনা কৰা হ'ব।
উল্লেখ্য যে, বিৰোধীয়ে আৰম্ভণিৰে পৰা এক দেশ, এক নিৰ্বাচন বিধেয়কৰ বিৰোধিতা কৰি আহিছে। এনে বিৰোধিতাৰ মাজতে মঙ্গলবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাাত ১২৯ সংখ্যক সংবিধান (সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক উত্থাপন কৰে।
বিধেয়ক দুখন গৃহীত কৰাৰ ক্ষেত্ৰত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধীৰ দাবী অনুসৰি ভোটিঙৰ ব্যৱস্থা কৰে। প্ৰথমে ইলেক্ট্ৰনিক ভোটিং চিষ্টেম আৰু তাৰ পাছত বেলটৰ জৰিয়তে ভোটিং ব্যৱস্থা কৰা হয়।