/asomiyapratidin/media/media_files/2025/01/28/n9LD7eea43DbB9zxWjFF.jpg)
ডিজিটেল ডেস্কঃ ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ অন্যতম ষড়যন্ত্ৰকাৰী তাহৱাৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ আনিবলৈ দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে তাহৱাৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণ কৰাৰ বাবে অনুমতি দিয়াৰ পাছতে তেওঁক ভাৰতলৈ ঘূৰাই আনিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ভাৰত চৰকাৰে।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ এটা প্ৰতিনিধি দল অতি শীঘ্ৰেই তাহৱাৰ ৰাণাক ভাৰতলৈ আনিবলৈ আমেৰিকালৈ যাব। পাকিস্তান বংশোদ্ভৱ কানাডাৰ ব্যৱসায়ী তাহৱাৰ ৰাণাৰ প্ৰত্যৰ্পণ সম্পৰ্কীয় কাম-কাজ সম্পূৰ্ণ কৰিয়েই এই দলটো আমেৰিকালৈ ৰাওনা হ’ব।
জানিব পৰা মতে জানুৱাৰীৰ ৩০ বা ৩১ তাৰিখে এই দলটো আমেৰিকালৈ যাব। এই দলটোত থাকিব এন আই এৰ ইনস্পেক্টৰ জেনেৰেল আৰু ডেপুটি ইনস্পেক্টৰ জেনেৰেল পৰ্যায়ৰ বিষয়া।
আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ৰ দপ্তৰৰ এক মুখপত্ৰই জনোৱা অনুসৰি ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ বিচাৰৰ বাবে ভাৰতৰ উদ্যোগক দীৰ্ঘদিন ধৰি সমৰ্থন কৰি আহিছে আমেৰিকাই। উল্লেখ্য যে, তাহৱাৰ ৰাণাক ভাৰতলৈ অনাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলাই আছে নতুন দিল্লীয়ে।
নতুন দিল্লীৰ এই প্ৰচেষ্টাক প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ বাবে আগ্ৰহী বুলি পূৰ্বেই জনাইছিল আমেৰিকাই।
উল্লেখ্য যে, পাকিস্তানী মূলৰ কানাডিয়ান নাগৰিক ৰাণাক ভাৰতে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত বিচাৰি আছিল। ভাৰতলৈ প্ৰত্যৰ্পণৰ পৰা ৰক্ষা পাবলৈ ৰাণই অন্তিম আইনী সুযোগ হিচাপে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
ইয়াৰ পূৰ্বে তেওঁ ছান ফ্ৰান্সিস্কোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতকে ধৰি বিভিন্ন ফেডাৰেল আদালতত আইনী যুঁজত পৰাস্ত হৈছিল। ১৩ নৱেম্বৰত, ৰাণাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত "চাৰ্টিঅ'ৰেৰীৰ ৰিটৰ বাবে আবেদন" দাখিল কৰিছিল।
এই আবেদনখন আদালতে ২১ জানুৱাৰীত খাৰিজ কৰে। ৬৪ বছৰীয়া ৰাণাক বৰ্তমান লছ এঞ্জেলছৰ মেট্ৰ'পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছে। ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আদালতত যুক্তি দিছিল যে ৰাণাৰ আবেদন খাৰিজ কৰা উচিত।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছলিচিটৰ জেনেৰেল এলিজাবেথ বি প্ৰেলগাৰে ১৬ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰা নথিত কৈছিল ৰাণাক এই গোচৰটোত ভাৰতলৈ প্ৰত্যৰ্পণ কৰিব লাগে।
উল্লেখ্য যে, ৰাণা মুম্বাই আক্ৰমণৰ মুখ্য ষড়যন্ত্ৰকাৰী পাকিস্তানী-আমেৰিকান সন্ত্ৰাসবাদী ডেভিড কোলমেন হেডলীৰ অন্যতম সহযোগী। ২০০৮ চনৰ মুম্বাই আক্ৰমণত ১০ জন পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই ছয়জন আমেৰিকান নাগৰিকসহ ১৬৬ জন লোকক হত্যা কৰিছিল।