জম্মু-কাশ্মীৰত অব্যাহত আছে এন আই এৰ অভিযান...

জম্মু-কাশ্মীৰত অব্যাহত আছে এন আই এৰ অভিযান...

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত প্ৰথম বাৰলৈ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে লিপ্ত থকাৰ সন্দেহত অনুসন্ধান চলোৱা হৈছে মাদ্ৰাছা সমূহত । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্থাৎ এন আই এ সন্ত্ৰাসবাদী সংগঠন সমূহক অৰ্থনৈতিক অৱদান আগবঢ়োৱাৰ সন্দেহত বান্দিপোৰাৰ দাৰুল-ওলোম- ৰহিমিয়াৰ প্ৰতিষ্ঠাপক আৰু মুৰব্বী মৌলানা ৰহমতুল্লা কাছমীৰ বাসগৃহত চলাইছে অভিযান । ইয়াৰ ওপৰিও, এক বিশেষ সূত্ৰই জনোৱা অনুসৰি শ্ৰীনগৰ, পুলৱামা, বান্দিপোৰা, শ্বোপিয়ান আদি অঞ্চলতো জম্মু-কাশ্মীৰ আৰক্ষীয়ে এন আই এৰ সহযোগত চলাইছে অভিযান ।

মঙলবাৰে, মৌলানা কাছমিৰ বাসগৃহত এন আই এৰ এটি দলে অনুসন্ধান চলাই থকা অৱস্থাতে আন এটি দলে শ্ৰীনগৰস্থিত মুফটি মেহৰাজৰ বাসগৃহত চলাই অভিযান ।

ইয়াৰ ওপৰিও শ্ৰীনগৰ এন আই টিৰ এজন অধ্যাপক, পুলৱামাৰ এজন অধিবক্তা তথা শ্ৰীনগৰৰে আন এজন ফল-মূলৰ ব্যৱসায়ীৰ বাসগৃহটো চলোৱা হৈছে অভিযান ।

উল্লেখ্য যে, বিগত কিছু দিনত বৃদ্ধি পাইছিল কাশ্মীৰৰ অশান্ত পৰিস্থিতি । আৰক্ষী-সন্ত্ৰাযসবাদীৰ মাজত হোৱা সঘন সংঘৰ্ষত ক্ষতি হৈছিল দুয়োপক্ষৰে । তাৰ পাছতেই ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে হাতত লৈছিল এনে অভিযানসমূহৰ ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in