নিৰ্মীয়মান উৰণীয়া সেতুৰ পৰা গাড়ী বাগৰি এজনৰ মৃত্যু, মানৱ অধিকাৰ আয়োগৰ জাননী

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দিল্লী চৰকাৰ আৰু আৰক্ষী প্ৰধানক বাৰাপুল্লাৰ নিৰ্মীয়মান উৰণীয়া সেতুত এজন লোকৰ মৃত্যু সন্দৰ্ভত জাননী জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
নিৰ্মীয়মান উৰণীয়া সেতুৰ পৰা গাড়ী বাগৰি এজনৰ মৃত্যু, মানৱ অধিকাৰ আয়োগৰ জাননী

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দিল্লী চৰকাৰ আৰু আৰক্ষী আয়ুক্তক বাৰাপুল্লাৰ নিৰ্মীয়মান উৰণীয়া সেতুত এজন লোকৰ মৃত্যু সন্দৰ্ভত উত্তৰ বিচাৰি জাননী জাৰি কৰিছে। বুধবাৰে এই জাননী জাৰি কৰে আয়োগে।

Advertisment

জানিব পৰা মতে ২৬ মে'ত পূব দিল্লীৰ বাৰাপুল্লা-নয়ডা লিংক ৰোড অঞ্চলত নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা গাড়ী এখন বাগৰি পৰিছিল। যাৰ ফলত ৪২ বছৰীয়া জগনদীপ সিঙৰ মৃত্যু হৈছিল।

আৰক্ষীয়ে সন্দেহ কৰিছে যে উৰণীয়া সেতুখনৰ কোনটো ফালে যাব লাগে তাক লৈ বিভ্ৰান্তি হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে।

এই ক্ষেত্ৰত আয়োগে কয় যে, ব্যক্তিজন বিভ্ৰান্তি হৈছিল নে নাই সেয়া ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল যে তাত প্ৰশাসনৰ তৰফৰ পৰা কোনো বেৰকেড নাছিল। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ যদি সত্য হয় তেন্তে এয়া এক মানৱ অধিকাৰ উলংঘনৰ ঘটনা বুলি কয় আয়োগে।

যাৰ বাবে আগন্তুক এসপ্তাহৰ ভিতৰত এই ঘটনা সন্দৰ্ভত উত্তৰ বিচাৰি দিল্লী চৰকাৰ, দিল্লী আৰক্ষী আয়ুক্ত, লোকনিৰ্মাণ বিভাগৰ সচিবক জাননী জাৰি কৰিছে। অৱশ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

Also Read: ৰাহুল গান্ধীয়ে বিচাৰি উলিয়াইছে বিজেপিৰ দুৰ্বলতা! ক'লে, কেনেদৰে কৰিব পাৰি পৰাজয়...

National Human Rights Commission of India delhi