কি কামত ব্যৱহাৰ হ'ব পুৰণি সংসদ ভৱন? নতুন সংসদ ভৱনৰ বিশেষত্ব কি কি...

কি কামত ব্যৱহাৰ হ'ব পুৰণি সংসদ ভৱন? নতুন সংসদ ভৱনৰ বিশেষত্ব কি কি...
কি কামত ব্যৱহাৰ হ'ব পুৰণি সংসদ ভৱন? নতুন সংসদ ভৱনৰ বিশেষত্ব কি কি...

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বিশেষ অধিৱেশন। ২২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ আজিৰ প্ৰথমটো দিনক বাদ দি বাকী আটাইকেইটা দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব নতুন সংসদ ভৱনত।

গণেশ চতুৰ্থীৰ দিনটোতে নতুন সংসদ ভৱনত আৰম্ভ হ'ব সংসদৰ কামকাজ। উল্লেখ্য, চলিত বছৰৰ ২৮ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাংগলিক অনুষ্ঠানৰ মাজেৰে দেশৰ নতুন সংসদ ভৱনৰ শুভ উদ্বোধন কৰিছিল।

এই সংসদ ভৱনত ১৯ ছেপ্টেম্বৰৰ পৰা কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে ই পুৰণি সংসদ ভৱনৰ স্থান অধিকাৰ কৰিব। আনহাতে সংগ্ৰহালয়লৈ ৰূপান্তৰ হ'ব ১৯২৭ চনতে নিৰ্মাণ সম্পূৰ্ণ হৈ আজিৰ দিনটোলৈকে কাৰ্যক্ষম হৈ থকা পুৰণি সংসদ ভৱন।

নতুনকৈ নিৰ্মাণ কৰা সংসদ ভৱন আৰু পুৰণি সংসদ ভৱনৰ মাজত আছে বহু প্ৰাৰ্থক্য। উল্লেখ্য যে, পুৰণি সংসদ ভৱনত লোকসভাৰ ৫৫০ আৰু ৰাজ্য সভাৰ ২৫০ সদস্যৰ বহাৰ ব্যৱস্থা আছিল। ইয়াৰ তুলনাত নতুন সংসদ ভৱনৰ লোকসভাত ৮৮৮ গৰাকী সাংসদ আৰু ৰাজ্যসভাত ৩৮৪ গৰাকী সদস্য বহাৰ সুবিধা কৰা হৈছে।

ইয়াৰ কাৰণ হৈছে ২০২৬ ত দেশত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব। সেয়েহে সমষ্টিৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক। সেই বাবেই লোকসভা আৰু ৰাজ্যসভাত অধিক সদস্য বহিব পৰাকৈ আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

পুৰণি সংসদ ভৱন আছিল গোলাকাৰ। এই ভৱনৰ ব্যাস ১৭০.৬৯ মিটাৰ আৰু পৰিধি ৫৩৬ মিটাৰ। অৰ্থাৎ পুৰণি সংসদ ভৱন প্ৰায় ২৪,২৮১ বৰ্গ মিটাৰ এলেকা ব্যাপি আছিল। কিন্তু ইয়াৰ তুলনাত নতুন সংসদ ভৱনৰ ক্ষেত্ৰফল বহুখিনি বৃদ্ধি কৰা হৈছে।

নতুন সংসদ ভৱনৰ ক্ষেত্ৰফল ৬৪,৫০০ বৰ্গ মিটাৰ। নতুন সংসদ ভৱনত চেণ্ট্ৰেল হলৰো ব্যৱস্থা কৰা হোৱা নাই। পুৰণি সংসদ ভৱনৰ চেণ্ট্ৰেল হলত মাত্ৰ ৪৪০ গৰাকী লোকৰ বহাৰ ব্যৱস্থা কৰা হৈছিল।

নতুন সংসদ ভৱনত চেণ্ট্ৰেল হলৰ পৰিৱৰ্তে সংসদৰ যুটীয়া অধিৱেশনৰ বাবে লোকসভাকেই ব্যৱহাৰ কৰা হ'ব। ইয়াৰোপৰি চেণ্ট্ৰেল ভিষ্টা ৱেবচাইটৰ অনুসৰি পুৰণি সংসদ ভৱনৰ অগ্নি সুৰক্ষা বিষয়বোৰ চিন্তাৰ কাৰণ আছিল।

কিয়নো এই ভৱনটোক অগ্নি সুৰক্ষা দিশটোক গুৰুত্ব দি নিৰ্মাণ কৰা হোৱা নাছিল। অৰ্থাৎ অগ্নিৰ সুৰক্ষা ব্যৱস্থা আছিল যথেষ্ট দুৰ্বল। ইয়াৰোপৰি ভৱনটোত চিচিটিভি কেমেৰা, এয়াৰ কণ্ডিশ্যনকে ধৰি আধুনিক কিছু প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ বাবে ভৱনটোৰ সৌন্দৰ্য নষ্ট হৈছিল।

ইয়াৰ বিপৰীতে নতুন সংসদ ভৱনত সকলো দিশৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। ইয়াত সদস্যসকলৰ মতদানৰ বাবে বায়মেট্ৰিক, ডিজিটেল ভাষা ব্যাখ্যা আৰু অনুবাদ প্ৰণালী আৰু মাইক্ৰোফোন আদিৰ ব্যৱস্থা কৰা হৈছে।

নতুন সংসদ ভৱন আৰু পুৰণি সংসদ ভৱনৰ নিৰ্মাণৰ ব্যয়টো আছে আকাশ পাতাল প্ৰাৰ্থক্য। পুৰণি সংসদ ভৱন নিৰ্মাণত সেই সময়ত ব্যয় কৰা হৈছিল ৮৩ লাখ টকা। কিন্তু নতুন সংসদ ভৱন নিৰ্মাণত ব্যয় কৰা হৈছে ৯৭১ কোটি টকা। আৰু নতুন সংসদ ভৱন নিৰ্মাণত ৩ বছৰ ৫ মাহৰ সময়ৰ প্ৰয়োজন হৈছে।

কিন্তু পুৰণি সংসদ ভৱনত নিৰ্মাণত সময়ৰ প্ৰয়োজন হৈছিল প্ৰায় ৭ বছৰ। ১৯২১ চনত নিৰ্মাণ কৰা এই সংসদ ভৱনত কাম-কাজ আৰম্ভ হৈছিল ১৯২৭ চনৰ পৰা। পাৰ্কিঙৰ ক্ষেত্ৰতো আছে নতুন-পুৰণি সংসদ ভৱনৰ যথেষ্ট প্ৰাৰ্থক্য। নতুন সংসদ ভৱনত ৯০০ গৰাকী পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। পুৰণি সংসদ ভৱনত পাৰ্কিঙৰ ক্ষমতা আছিল মাত্ৰ ২১২ খন গাড়ীৰ।  

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল পুৰণি সংসদ ভৱনত নাই সংবিধান হয়। নতুন সংসদ ভৱনত সংবিধান হলৰ ব্যৱস্থা কৰা হৈছে। এই সংবিধান হলটো নতুন সংসদ ভৱনৰ আকৰ্ষণৰ অন্যতম কাৰক। সংবিধান হলত এটা অশোক স্তম্ভও নিৰ্মাণ কৰা হৈছে।

সংবিধানৰ এক প্ৰতীক এই হলৰ ভিতৰত তৈয়াৰ কৰা হৈছে। সংবিধান হলৰ আকৰ্ষণ আৰু গাম্ভীৰ্যতা বৃদ্ধিৰ বাবে ইয়াত মহাত্মা গান্ধী, জৱহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসুকে ধৰি ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ বৃহৎ ছবি সংৰক্ষণ কৰা হৈছে।

স্মৰ্তব্য, নতুন সংসদ ভৱন চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্টৰ আধাৰত নিৰ্মাণ কৰা হৈছে। নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটলৈ ৩.২ কিলোমিটাৰ দূৰত্বৰ ক্ষেত্ৰক চেণ্ট্ৰেল ভিষ্টা বুলি কোৱা হয়। এই মুহূৰ্তত চেণ্ট্ৰেল ভিষ্টাৰ ভিতৰত ৰাষ্ট্ৰপতি ভৱন, সংসদ ভৱন, নৰ্থ ব্লক, ছাউথ ব্লক, ৰে'ল ভৱন, বায়ু ভৱন, কৃষি ভৱন, উদ্যোগ ভৱন, শাস্ত্ৰী ভৱন, নিৰ্মাণ ভৱন, নেশ্যনেল আৰ্কাইভ, জৱাহৰ ভৱন, ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টছ, উপ-ৰাষ্ট্ৰপতিৰ আৱাসগৃহ, ৰাষ্ট্ৰীয় সংগ্ৰহালয়, বিজ্ঞান ভৱন, ৰক্ষা ভৱন, বাণিজ্য ভৱন, হায়দৰাবাদ ভৱন, জামনগৰ ভৱন, ইণ্ডিয়া গেট, নেশ্যনেল ৱাৰ মেমৰিয়েল, বিকানেৰ ভৱন আদি অন্তৰ্ভুক্ত হৈ আছে।

এই চেণ্ট্ৰেল ভিষ্টাক নতুন ৰূপত বিকশাই তুলিবলৈ যি প্ৰকল্প হাতত লোৱা হৈছিল সেই প্ৰকল্পকেই চেণ্ট্ৰেল ভিষ্টা প্ৰকল্প বুলি নামাকৰণ কৰা হৈছে। এই চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত অঞ্চলটোত থকা বহু গৃহৰ কোনো পৰিৱৰ্তন কৰা নহয় যদিও বহু কেইটা অট্টালিকাকে নতুন ৰূপত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

ইয়াৰে কেইটামান অট্টালিকাক আকৌ মেৰামতি অথবা পুনৰ নিৰ্মাণ কৰা হ'ব। কোনোটো অট্টালিকাক আকৌ ভাঙি নতুনকৈ নিৰ্মাণ কৰা হ'ব। চেণ্ট্ৰেল ভিষ্টাৰে অংশ  সংসদ ভৱন নতুনকৈ নিৰ্মাণ হোৱাৰ পাছত ইয়াক ব্যৱহাৰৰ বাবে সাজু কৰি তোলা হৈছে।

ইয়াৰ বিপৰীতে পুৰণি সংসদ ভৱনক এতিয়াৰে পৰা নোহোৱা সংসদ ভৱনক এক পুৰাতাত্ত্বিক ঐতিহ্যলৈ ৰূপান্তৰিত কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে।

কি কামত ব্যৱহাৰ হ'ব পুৰণি সংসদ ভৱন? নতুন সংসদ ভৱনৰ বিশেষত্ব কি কি...
নিজলৈ নিৰ্মাণ কৰা ঘৰটো ভাঙি দিছিল বিশ্বকৰ্মাইঃ শিঙৰী বাগিচাত পৰি আছে ভগ্নাৱশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in