মন গ’লেই উৰুৱাব নোৱাৰিব ড্ৰোন, ভৰিব লাগিব ২৫হাজাৰ টকা জৰিমনা!

মন গ’লেই উৰুৱাব নোৱাৰিব ড্ৰোন, ভৰিব লাগিব ২৫হাজাৰ টকা জৰিমনা!

author-image
asomiyapratidin
New Update
মন গ’লেই উৰুৱাব নোৱাৰিব ড্ৰোন, ভৰিব লাগিব ২৫হাজাৰ টকা জৰিমনা!

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ড্ৰোন উৰুৱাৰ ক্ষেত্ৰত বিশেষ অধিসূচনা জাৰি কৰিছে। দেশত ২৫০ গ্ৰামতকৈ অধিক ওজনৰ ড্ৰোন উৰুৱাৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰে। অনুমতি অবিহনে ড্ৰোন উৰালে মন্ত্ৰালয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। অনুজ্ঞা পত্ৰ অবিহনে কোনেও ড্ৰোন উৰুৱাব নোৱাৰিব।

Advertisment

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নতুন নিয়ম অনুসৰি, ২৫০ গ্ৰামতকৈ অধিক ওজনৰ ড্ৰোন উৰাবলৈ হ'লে কমেও ১৮ বছৰ হ'ব লাগিব। ইয়াৰ উপৰিও দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে চিকিৎসা প্ৰমাণপত্ৰ আৰু চৰকাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয় হ'ব।

প্ৰশিক্ষণ আৰু অনুজ্ঞাপত্ৰ অবিহনে ড্ৰোন উৰালে ২৫ হাজাৰ টকালৈকে জৰিমনাৰ সন্মুখীন হ'ব পাৰে। এতিয়াৰে পৰা ড্ৰোন উৰা, ড্ৰোন তৈয়াৰ কৰা, ড্ৰোন ক্ৰয় আৰু বিক্ৰী কৰাৰ বাবে অনুমোদন লোৱাৰ প্ৰয়োজন হ'ব। এই নিয়ম ১২ মাৰ্চৰ পৰা কাৰ্যকৰী হৈছে।