/asomiyapratidin/media/media_files/2025/01/18/x2cBp5JokiwZ1E9s6pmT.jpg)
ডিজিটেল ডেস্কঃ অনুপ্ৰৱেশ আৰু চোৰাং ব্যৱসায় প্ৰতিৰোধ কৰিবলৈ ভাৰত-বাংলাদেশ সীমান্তৰ উন্মুক্ত অঞ্চল কাটা তাঁৰৰ বেৰ দিবলৈ চলোৱা প্ৰচেষ্টাক লৈ অসন্তুষ্ট বংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ। বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজত শেহতীয়াকৈ ভাৰত বিৰোধী শক্তি সক্ৰিয় হৈ উঠিছে।
সীমান্তৰ উন্মুক্ত অঞ্চলেৰে ভাৰতলৈ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশীয়ে। অসমত যোৱা সময়ত প্ৰায় প্ৰতিদিনেই তেনে অনুপ্ৰৱেশকাৰীক কৰায়ত্ত্ব কৰি পুনৰ সীমান্তৰ সিপাৰলৈ ঘূৰাই পঠিয়াইছে প্ৰশাসনে।
সেইদৰে পশ্চিমবংগৰ কোচ বিহাৰ, মালদাহ, নাদিয়া আদিত ভাৰত-বাংলাদেশ সীমান্তৰ উন্মুক্ত অঞ্চলত এনে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে কাটা তাঁৰৰ বেৰ দিবলৈ চেষ্টা কৰাত বি এছ এফৰ সৈতে বিজিবিৰ সংঘাত আৰম্ভ হৈছে। এনে পৰিস্থিতিত এই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে নতুন দিল্লীয়ে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই বিষয়টোৰ সন্দৰ্ভত এক শক্তিশালী বাৰ্তাৰে ঢাকাক সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত অৱগত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, "এয়া দুয়োখন দেশৰ হিতৰ বাবে। দিল্লী দ্বিপাক্ষিক সম্পৰ্কত ইতিবাচক ভাৱে আগবাঢ়িবলৈ আগ্ৰহী। গতিকে দুয়োৰে লাভালাভৰ কথা বিবেচনা কৰা হৈছে।”
শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, "ভাৰত-বাংলাদেশ সম্পৰ্কত বাৰে বাৰে নতুন মাত্ৰা যোগ কৰা হৈছে। আমি সদায় ইতিবাচক মনোভাৱৰ সৈতে আগবাঢ়ি যাওঁ। মই ঢাকাক ক'ব বিচাৰো যে আমি যি সিদ্ধান্ত লওঁ, বাংলাদেশ আৰু ভাৰত দুয়োৰে জনসাধাৰণৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা উচিত। আমি সম্পৰ্ক শক্তিশালী হোৱাটো বিচাৰো। সেয়াই সদায় আমাৰ একমাত্ৰ লক্ষ্য।”
কাঁইটীয়া তাঁৰৰ জটিলতাৰ বিষয়ে উল্লেখ কৰি জয়ছোৱালে ভাৰতীয় উচ্চায়ুক্তক ঢাকালৈ মাতি নিয়া বিষয়টোক লৈয়ো অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, আমি ঢাকাক আমাৰ স্থিতি স্পষ্ট কৰি দিছো। এইটো দুৰ্ভাগ্যজনক যে আমাৰ উচ্চায়ুক্তক শেহতীয়াকৈ কাঁইটীয়া তাঁৰৰ ওপৰত কি ঘটিছে তাৰ প্ৰতি লক্ষ্য ৰাখি ঢাকালৈ মাতি অনা হৈছে। আমি অপৰাধমুক্ত সীমান্তৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বাংলাদেশেও এই কৰ্তব্য মনত ৰাখিব লাগিব। সীমান্তৰে অনুপ্ৰৱেশ, চোৰাং ব্যৱসায়ৰ দৰে অপৰাধমূলক কাৰ্যকলাপ বেছি দিন ধৰি অব্যাহত থাকিবলৈ দিব নোৱাৰি। আমি সুৰক্ষা নিশ্চিত কৰিব লাগিব।
বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰগৰাকীয়ে আশা প্ৰকাশ কৰিছে যে, ঢাকাই দুয়োখন দেশৰ সমস্যা বুজি পাব আৰু ইয়াৰ সমাধানৰ পথত খোজ দিব। তেওঁ চুবুৰীয়া দেশখনো ইতিবাচক ভূমিকা ল’বলৈ আহ্বান জনাইছে।