লোক শিল্পী নেহা সিং ৰাথোৰৰ বিৰুদ্ধে গোচৰ ৰুজু...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত আপত্তিজনক বিষয়বস্তু শ্বেয়াৰ কৰাৰ বাবে দেওবাৰে নেহা সিং ৰাথোৰৰ বিৰুদ্ধে লক্ষ্ণৌৰ এখন থানাত গোচৰ ৰুজু কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
 লোক শিল্পী নেহা সিং ৰাথোৰৰ বিৰুদ্ধে গোচৰ ৰুজু...

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ২৬ জন লোকৰ মৃত্যু হোৱা পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত “আপত্তিজনক” বিষয়বস্তু শ্বেয়াৰ কৰাৰ বাবে দেওবাৰে লোকশিল্পী নেহা সিং ৰাথোৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন থানাত গোচৰ ৰুজু কৰা হৈছে।এই সন্দৰ্ভত কৰ্তৃপক্ষই কয় যে তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টসমূহক আপত্তিজনক বুলি অভিহিত কৰা হৈছে।  

Advertisment

জানিব পৰা মতে নেহা সিং ৰাথোৰৰ বিৰুদ্ধে কুৰ্ছি ৰোডৰ গুডাম্বাৰ নিবাসী কবি অভয় প্ৰতাপ সিঙে হজৰতগঞ্জ থানাত দাখিল কৰিছে এই এজাহাৰ ৷

অভিযোগকাৰী অভয় প্ৰতাপ সিঙে কয় যে, দেশৰ এনে পৰিস্থিতিত গায়িকা আৰু কবি নেহা সিং ৰাথোৰে তেওঁৰ টুইটাৰ (বৰ্তমান এক্স) হেণ্ডেল @nehafolksinger ব্যৱহাৰ কৰি কিছুমান আপত্তিজনক পোষ্ট কৰিছে যিয়ে জাতীয় অখণ্ডতাত বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু ধৰ্মৰ ভিত্তিত এটা সম্প্ৰদায়ক আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে উচটনি দিবলৈ বাৰে বাৰে প্ৰচেষ্টা চলাইছে।এই অভিযোগৰ পিছতে আৰক্ষীয়ে ৰাথোৰৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। 


তথ্য প্ৰযুক্তি আইনৰ ধাৰাৰ অধীনতো তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে ৰাথোৰে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা ভিডিঅ’ পোষ্ট কৰি উল্লেখ কৰি কয় যে, “পাকিস্তানী ছ’চিয়েল মিডিয়াৰ কোনোবা হেণ্ডেলে মোৰ ভিডিঅ’ কপি কৰাৰ বাবেই বিজেপিৰ আই টি চেলে মোক ৰাষ্ট্ৰ বিৰোধী বুলি কৈছে। মোৰ পৰিয়ালৰ ১৪ জন সদস্যই ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীত সেৱা আগবঢ়াইছে। মোৰ ভাইটিয়ে ছত্তীশগড়ত নক্সালবাদীৰ সৈতে যুঁজি আছে আৰু মোৰ খুড়াই কাৰ্গিল যুদ্ধত যুঁজিছে।”

 

পেহেলগাম উত্তৰপ্ৰদেশ