অৱশেষত গ্ৰেপ্তাৰ NEET-UG কে ধৰি একাধিক নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড

2024 ৰ NEET-UG ৰ লগতে অন্যান্য নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড সঞ্জীৱ মুখিয়াক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছে বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই।

author-image
Asomiya Pratidin
New Update
অৱশেষত গ্ৰেপ্তাৰ NEET-UG কে ধৰি একাধিক নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড

ডিজিটেল ডেস্কঃ NEET-UG ৰ ২০২৪ চনৰ প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰমাইণ্ড সঞ্জীৱ মুখিয়াক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছে বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই। অভিযোগ অনুসৰি একাধিক প্ৰশ্ন কাকত ফাদিলৰ গোচৰৰ সৈতে জড়িত সঞ্জীৱ।

Advertisment

বিহাৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান নায়াৰ হুছনেইন খানে সঞ্জীৱ মুখিয়াক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰি সংবাদ মাধ্যমৰ আগত জনাইছে অধিক তথ্যৰ বাবে তেওঁৰ জেৰা চলি আছে। তাৰোপৰি তেওঁ জনাইছে অভিযুক্ত সঞ্জীৱক জেৰা কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ বিষয়াসকলো উপস্থিত আছে।

জানিব পৰা মতে তেওঁক দনাপুৰ থানাৰ সমীপৰ সগুনা ম’ৰত অৱস্থিত এটা এপাৰ্টমেণ্টৰ পৰা আত্মগোপন কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই নীটকে ধৰি একাধিক প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িত সঞ্জীৱ মুখিয়াৰ তথ্য প্ৰদানকাৰীলৈ নগদ ধনৰ পুৰস্কাৰো ঘোষণা কৰিছিল। 

উল্লেখ্য যে, মুখীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ কেইবাটাও মাহ অতিক্ৰম কৰিছিল যদিও তেওঁৰ কোনো সম্ভেদ উলিয়াব পৰা নাছিল চিবিআই আৰু বিহাৰ আৰক্ষীয়ে। তদন্তকাৰী সংস্থাসমূহৰ মতে, মুখিয়াৰ দলটোৱে বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, ৰাজস্থানকে ধৰি একাধিক ৰাজ্যত প্ৰশ্ন ফাদিলৰ দৰে কামত লিপ্ত হৈছিল। 

হাৰিয়ানাৰ পশু চিকিৎসক আৰু ইংৰাজী শিক্ষকৰ নিযুক্তি পৰীক্ষাৰ পূৰ্বেও প্ৰশ্ন কাকত ফাদিল হোৱাৰ লগতে উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা অন্যান্য পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সৈতে এই চক্ৰটোৱেই জড়িত বুলি সন্দেহ কৰা হৈছে। সঞ্জীৱ মুখিয়ালৰ এই ক্ষেত্ৰত মুখ্য সহায়কাৰী তেওঁৰ আত্মীয় শুভম আৰু ৰাজকিশোৰ নামৰ আন দুজন ব্যক্তি। 

ইয়াৰে সঞ্জীৱ আৰু শুভম বিহাৰৰনালন্দাৰ থলুৱা বাসিন্দা হোৱাৰ বিপৰীতে ৰাজকিশোৰ আৰৱালৰ বাসিন্দা। ইয়াৰ পূৰ্বে বিহাৰ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ সৈতে জড়িত শুভমে কাৰাগাৰত সময় কটাবলগীয়া হৈছিল। তাৰ পাছত তেওঁ বিহাৰ আৰক্ষীৰ কনিষ্টবলৰ প্ৰশ্ন কাকত ফাদিলৰে জড়িত হৈছিল। 

এই কনিষ্টবলৰ প্ৰশ্ন কাকত ফাদিলৰ গোচৰতে ৰাজ কিশোৰৰ সন্ধান বিচাৰি আছিল তদন্তকাৰী গোটে। জানিব পৰা মতে এনেধৰণৰ প্ৰশ্ন কাকত ফাদিলৰ সৈতে ৰাজ কিশোৰে প্ৰশ্নৰ বিনিময়ত ধন সংগ্ৰহ কৰিছিল। তাৰোপৰি মাফিয়াক বিত্তীয় সাহায্য প্ৰদান কৰাৰ লগতে আন ছিণ্ডিকেট সদস্যসকলক ধন হস্তান্তৰৰ সৈতে জড়িত আছিল। 

সঞ্জীৱৰ বিৰুদ্ধে ৪টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে শুভম আৰু ৰাজকিশোৰৰ বিৰুদ্ধে দুটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। স্মৰ্তব্য যে, সঞ্জীৱ মুখিয়া নূৰচৰাই উদ্যান শস্য মহাবিদ্যালয়ৰ (নলন্দা) কাৰিকৰী সহায়ক হিচাপে নিযুক্ত আছিল। ইতিমধ্যে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। 

তেওঁৰ বিৰুদ্ধে আছে বি পি এছ চিৰ শিক্ষক নিযুক্তি পৰীক্ষা আৰু কনিষ্টবল নিযুক্তি পৰীক্ষাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগ। ইফালে তেওঁৰ আয়ৰ উৎসৰ সৈতে সম্পত্তিও অত্যাধিক হোৱাত তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত গোচৰ ৰুজু কৰিছে। ইডিৰ তদন্তত প্ৰকাশ পাইছে যে সঞ্জীৱৰ মুঠ সম্পত্তি বৈধ আয়তকৈ ১৪৪ শতাংশ অধিক।
 

বিহাৰ প্ৰশ্ন কাকত ফাদিল নীট কেলেংকাৰী