নীট ২০২৩ ৰ ফলাফল ঘোষণাঃ উঃপূঃৰ ৰেংক-১ ত ছাকিল হুচেইন

ঘোষণা হ'ল নীট-২০২৩ৰ ফলাফল । এই ফলাফলৰ পাছতেই উত্তৰ-পূবলৈ সুখবৰ কঢ়িয়াই আনিছে ছাকিল হুছেইনে ।

author-image
Asomiya Pratidin
New Update
নীট ২০২৩ ৰ ফলাফল ঘোষণাঃ উঃপূঃৰ ৰেংক-১ ত ছাকিল হুচেইন

ডিজিটেল ডেস্কঃ ঘোষণা হ'ল নীট-২০২৩ৰ ফলাফল । এই ফলাফলৰ পাছতেই উত্তৰ-পূবলৈ সুখবৰ কঢ়িয়াই আনিছে ছাকিল হুছেইনে । মঙলবাৰে ঘোষণা হোৱা নীটৰ ফলাফলত ছাকিলে উত্তৰ-পূৱৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

ছাকিলে ৭২০ নম্বৰৰ ভিতৰত ৬৯৫ নম্বৰ লাভ কৰি এই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখ্য যে, ছাকিলে পোটেলছিয়েল এণ্ড কনচেপ্ট(POTENTIAL & CONCEPT Educations) নামৰ কোচিং চেন্টাৰটোত শিক্ষা গ্ৰহণ কৰি আছিল। ব্যক্তিগত খণ্ডৰ এই কোচিং চেন্টাৰটোৱে ছাকিলৰ এই সাফাল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

তামিলনাডুৰ প্ৰবাঞ্জন জে আৰু অন্ধ্ৰ প্ৰদেশৰ বৰা বৰুণ চক্ৰৱৰ্তীয়ে এই বছৰৰ নীট ত ৯৯.৯৯ শতাংশ নম্বৰ অৰ্জন কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। নীট পৰীক্ষাৰ বাবে মুঠ ২০.৩৮ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল যাৰ ভিতৰত ১১.৪৫ লাখ প্ৰাৰ্থীয়ে উত্তীৰ্ণ হয়।

Also Read: বিজেপি নেত্ৰীৰ হত্যাকাণ্ড: অবৈধ প্ৰেমৰ কথা নস্যাৎ পৰিয়ালৰ, চিবিআই তদন্ত দাবী

NEET