৪ মাহৰ বাবে স্থগিত NEET-PG পৰীক্ষা…

৪ মাহৰ বাবে স্থগিত NEET-PG পৰীক্ষা…

author-image
asomiyapratidin
New Update
৪ মাহৰ বাবে স্থগিত NEET-PG পৰীক্ষা…

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ NEET-PG পৰীক্ষা কমেও চাৰি মাহৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ ৩১ আগষ্ট, ২০২১ৰ পূৰ্বে এই পৰীক্ষা অনুষ্ঠিত নহয়। প্রধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে, এমবিবিএছ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক কোভিড-১৯ লক্ষণ দেখা দিয়া ৰোগীসকলৰ চোৱাচিতাৰ বাবে নিয়োজিত কৰা হ'ব। আৰু বি.এছচি (নাৰ্ছিং)জিএনএম পাছ কৰা নাৰ্ছসকলে অভিজ্ঞ চিকিৎসকসকলৰ নেতৃত্বত নিজৰ কৰ্তব্য পালনৰ বাবে কৰা হ'ব নিয়োজিত।

লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা কোৱা হৈছে- 'মেডিকেল কৰ্মচাৰী যিসকলে ১০০ দিন কোভিড-১৯ৰ ডিউটী কৰিছে তেওঁলোকক নিয়মীয়া চৰকাৰী নিয়োগৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হ'ব।' উল্লেখ্য যে, ২০২১ বৰ্ষৰ ১ আগষ্টত এই পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছিল।