/asomiyapratidin/media/media_files/2025/04/25/vIXU2BYs8ZxV71xx2hdC.jpg)
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত আক্ৰমণৰ সন্মুখীন হৈছে ভাৰতৰ গ'ল্ডেন বয় নীৰজ চোপ্ৰা। তাৰকা জেভলীন থ্ৰ’ৱাৰ গৰাকীয়ে পাকিস্তানৰ জেভলীন খেলুৱৈ আৰছাদ নাদীমক তেওঁৰ এক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাক লৈ সৃষ্টি হোৱাৰ বিতৰ্কৰ পাছতে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।
সামাজিক মাধ্যমত সৃষ্টি হোৱা এই বিতৰ্কৰ পাছতে মুখ খুলিছে। নীৰজে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তেওঁক প্ৰতিক্ৰিয়া সামাজিক মাধ্যমৰ জৰিয়তেই প্ৰকাশ কৰিছে। উল্লেখ্য যে,নীৰজ চোপ্ৰাই আয়োজন কৰিছে এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠানৰ নাম দিয়া হৈছে ‘নীৰাজ চোপ্ৰা ক্লাছিক’।
ইয়াৰ অধীনত বহু দেশৰ খেলুৱৈক ভাৰতলৈ নিমন্ত্ৰণ জনোৱা হৈছে। সেইসকলৰ ভিতৰত আছে পাকিস্তানৰ আৰ্ছাদ নদীমৰ নামো।কিন্তু জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ছ’চিয়েল মিডিয়াত নীৰজ চোপ্ৰাই আৰ্ছাদ নাদীমক নিমন্ত্ৰণ জনোৱাক লৈ সমালোচনা বাঢ়িছে।
সেয়ে এক দীঘলীয়া পোষ্টৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নীৰজ চোপ্ৰাই কয়, "মই মিতভ্যাষী মানুহ, ইয়াৰ অৰ্থ এইটো নহয় যে মই ভুলৰ বিৰুদ্ধেও কথা নকওঁ।
সামাজিক মাধ্যমৰ পোৱ পোষ্টত কি ক’লে নীৰজে?
নীৰজে তেওঁৰ ইনষ্টাগ্ৰাম, এক্স আদি হেণ্ডলত আপলোড কৰা পোষ্টটোত লিখিছে, আৰ্ছাদ নাদীমক ‘নীৰজ চোপ্ৰা ক্লাছিক’লৈ নিমন্ত্ৰণ কৰাৰ সিদ্ধান্তক লৈ বহু সমালোচনা হৈছে। বেছিভাগেই ঘৃণা আৰু গালি-গালাজ কৰিছে। এই লোকসকলে মোৰ পৰিয়ালকো ৰেহাই দিয়া নাই।
মই আৰ্ছাদলৈ পঠোৱা নিমন্ত্ৰণী পত্ৰখন আছিল এজন খেলুৱৈয়ে আন এজন খেলুৱৈলৈ প্ৰেৰণ কৰা নিমন্ত্ৰণ। ইয়াতকৈ বেছি বা কম একো নহয়। ‘নীৰজ চোপ্ৰা ক্লাছিক’ৰ উদ্দেশ্য শ্ৰেষ্ঠ খেলুৱৈসকলক ভাৰতলৈ আমন্ত্ৰণ জনোৱা আৰু আমাৰ দেশত বিশ্বমানৰ ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰা।
পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ দুদিন পূৰ্বে সোমবাৰে (২১ এপ্ৰিল) সকলো খেলুৱৈলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছিল। যোৱা ৪৮ ঘণ্টাত যি ঘটিছে তাৰ পিছত ‘নীৰজ চোপ্ৰা ক্লাছিক’ত আৰ্ছাদ নাদীম উপস্থিত থকাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। মোৰ দেশ আৰু জাতীয় স্বাৰ্থহে প্ৰথম।
যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা আৰু প্ৰাৰ্থনা আপোনালোকৰ লগত আছে। সমগ্ৰ দেশৰ দৰে ময়ো খুব দুখী আৰু ক্ষোভিত। আমাৰ এই সঁহাৰিয়ে জাতি হিচাপে আমাৰ শক্তি প্ৰদৰ্শন কৰিব আৰু ন্যায় লাভ কৰিব বুলি মোৰ বিশ্বাস।
বহু বছৰ ধৰি মই মোৰ দেশৰ নাম গৌৰৱেৰে কঢ়িয়াই লৈ ফুৰিছো। এতিয়া মোৰ আনুগত্যৰ ওপৰত উত্থাপিত প্ৰশ্নবোৰে মোক দুখ দিছে। মোক আৰু মোৰ পৰিয়ালক লক্ষ্য কৰি লোৱা মানুহক অপ্ৰয়োজনীয়ভাৱে স্পষ্টীকৰণ দিবলগীয়া হোৱাত মোৰ দুখ লাগিছে।
আমি সাধাৰণ মানুহ। অনুগ্ৰহ কৰি আমাক আন একো কৰি নিদিব। সংবাদ মাধ্যমততো মোৰ চাৰিওফালে বহুতো ভুৱা আখ্যানৰ সৃষ্টি হৈছে। মোৰ মৌনতাই সেইবোৰক সত্য কৰিব নোৱাৰে।
মানুহে কেনেকৈ মন সলনি কৰে সেয়াও মোৰ বাবে কঠিন। এবছৰৰ আগতে মায়ে নিজৰ সৰলতাত কৰা নিৰীহ মন্তব্যটোৰ বহুতে শলাগ লৈছিল। আজি সেই একেখিনি মানুহেই একেটা বক্তব্যৰ বাবে মোৰ মাক টাৰ্গেট কৰাৰ সুযোগ গ্ৰহণ কৰিছে।
অৱশ্যে মই মোৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিম যাতে বিশ্বই ভাৰতক স্মৰণ কৰে আৰু সকলো বৈধ কাৰণত ভাৰতক সন্মানেৰে চায়।
— Neeraj Chopra (@Neeraj_chopra1) April 25, 2025
কি কৈছিল নীৰজ চোপ্ৰাৰ মাতৃয়ে?
২০২৪ চনৰ আগষ্ট মাহত পেৰিছ অলিম্পিকত পাকিস্তানী জেভেলিন থ্ৰ’ৱাৰ আৰ্ছাদ নাদীমে স্বৰ্ণ পদক আৰু নীৰজে ৰূপৰ পদক লাভ কৰিছিল। ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকত নীৰজে আৰ্ছাদক পৰাস্ত কৰি লাভ কৰিছিল সোণৰ পদক। আৰ্ছাদে তেওঁৰ আদৰ্শ বুলিও উল্লেখ কৰিছিল নীৰজক।
এই মেচৰ পিছত হাৰিয়ানাৰ নীৰজৰ মাতৃ সৰোজ দেৱীয়ে আৰ্ছাদ নাদীমৰ প্ৰসংগত কৈছিল, আমি বহুত সুখী। আমাৰ বাবে ৰূপৰ পদকো সোণৰ সমান। সোণ জয় কৰাজনো আমাৰ নিজৰে ল'ৰা। তেওঁ কঠোৰ পৰিশ্ৰম কৰে।" সেই সময়ত এনে যোগাত্মক বাৰ্তাই সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছিল।
সকলোৱে প্ৰশংসা কৰিছিল সৰোজ দেৱীৰ সেই বক্তব্যক। ইয়াৰ ভিতৰত আছিল বহু পাকিস্তানীও।সমান্তৰালকৈ আৰ্ছাদ নাদীমৰ মাতৃয়েও নীৰজক তেওঁৰ সন্তানৰ দৰে বুলি মন্তব্য কৰিছিল। তেওঁ কৈছিল, নীৰাজ মোৰ ল'ৰাৰ দৰেই। তেওঁ নাদীমৰ বন্ধু আৰু ভাতৃ দুয়োটা। জয়-পৰাজয় ভাগ্যৰ কথা। তেওঁ মোৰেই ল'ৰা আৰু আল্লাহে তেওঁকো সফলতা প্ৰদান কৰক। অনুগ্ৰহ কৰি তেওঁকো পদক জয় কৰাৰ সুযোগ দিয়ক।
ইয়াৰ পূৰ্বে ২০২৩ চনত যেতিয়া নীৰজ আৰু নদীমে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছিল, তেতিয়াও সৰোজ দেৱীয়ে দিয়া এটা বক্তব্য আলোচনাৰ বিষয় হৈ পৰিছিল।সৰোজ দেৱীয়ে কৈছিল, “সকলোৱে খেলপথাৰত খেলি আছে। সকলোৱেই খেলুৱৈ। কোনোবা এজন নিশ্চয় জয়ী হ’ব। ইয়াত পাকিস্তান আৰু হাৰিয়ানাৰ প্ৰশ্নই নাই। বৰ সুখৰ কথা। পাকিস্তানে জয়ী হ’লে তেওঁ বহুত সুখী হ’লহেঁতেন। নীৰজ জয়ী হোৱাত মই বেছি সুখী।
নীৰজ চোপ্ৰা ক্লাছিক কি
চৰ্চালৈ অহা নীৰজ চোপ্ৰা ক্লাছিক এথলিট গৰাকীৰ এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠান ২৪ মে’ৰ পৰা বেংগালুৰুত অনুষ্ঠিত হ’ব।এই সন্দৰ্ভত যোৱা সপ্তাহত তথ্য দিছিল নীৰজ চোপ্ৰাই।
তেওঁ এই অনুষ্ঠানত ভাগ ল’বলগীয়া বিশ্বমানৰ খেলুৱৈসকলৰ এখন তালিকাও প্ৰকাশ কৰিছিল। এই তালিকাত নাম আছিল পাকিস্তানৰ আৰ্ছাদ নাদীমৰো। কিন্তু ২২ এপ্ৰিলৰ ঘটনাৰ পাছত পৰিবেশ সলনি হৈছে। সেয়ে এই অনুষ্ঠানৰ পৰা বাদ দিয়া হৈছে আৰ্ছাদ নাদীমক।
২৪ এপ্ৰিলত পুনৰ নীৰজে অভ্যাগতৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত নাম নাই নাদীমৰ। ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিত প্ৰকাশ পোৱা মতে নীৰজ চোপ্ৰা ক্লাছিকত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলৰ ভিতৰত আছে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছ, জাৰ্মানীৰ থমাছ ৰ’লাৰ, কেনিয়াৰ জুলিয়াছ য়েগো, আমেৰিকাৰ কাৰ্টিছ থমছন, জাপানৰ গেংকি ডিয়েন, ব্ৰাজিলৰ লুইজ দা ছিলভা আৰু শ্ৰীলংকাৰ ৰুমেশ।