/asomiyapratidin/media/media_files/2025/06/07/F68GtucuuEpf0i24Kgq8.jpg)
ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দিতা কৰিব এন ডি এৰ অংশীদাৰ দলসমূহে। ইয়াৰ বাবে ইতিমধ্যে সম্পন্ন হৈছে দলসমূহৰ মাজত আসন ভাগ-বতোৱাৰা সম্পৰ্কীয় প্ৰথমখন বৈঠক। চৰ্চা অনুসৰি ৰাজ্যখনৰ ২৪৩ খন আসনৰ ভিতৰত জে ডি ইউয়ে ১০২-১০৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব ১০১-১০২ খন আসনত।
অৱশিষ্ট ৪০ খন আসনত জনশক্তি পাৰ্টি, হিন্দুস্তান আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাই প্ৰতিদ্বন্দিতা কৰিব। অৱশ্যে এই ৪০ খন আসনৰ ভিতৰত সৰ্বাধিক আসনেই লাভ কৰিব লোকজনশক্তি পাৰ্টিয়ে। কিয়নো লোকসভাত এই দলটোৰ আছে মুঠ ৫ জন সদস্য। চৰ্চা অনুসৰি ৪০ খন আসনৰ ভিতৰত ২৫ ৰ পৰা ২৮ খন আসনেই লোক জনশক্তি পাৰ্টিয়ে লাভ কৰাৰ সম্ভৱনা আছে।
নহাতে হিন্দুস্তান আৱাম মৰ্চাই ৪ ৰ পৰা ৫ খন আসন লাভ কৰিব। অৱশ্যে এয়া চূড়ান্ত নহয়। এই সন্দৰ্ভত পাটনাত প্ৰাৰম্ভিক আলোচনাহে হৈছে। শীঘ্ৰেই এই সম্পৰ্কীয় পৰৱৰ্তী আলোচনা অনুষ্ঠিত হ’ব দিল্লীত।
এই সন্দৰ্ভত বিহাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ জয়ছোৱালে সংবাদ মাধ্যমৰ আগত কয়, এতিয়ালৈকে আসন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।যেতিয়া এই সম্পৰ্কীয় সিদ্ধান্ত লোৱা হ’ব তেতিয়াই আপোনালোকক অৱগত কৰা হ’ব।
তেওঁ কয়, বিহাৰৰ ২৪৩খন আসনৰ আটাইকেইখন আসন জয়ৰ বাবে আমি প্ৰস্তুতি চলাইছো। আপুনি নিশ্চয় বিক্ৰমগঞ্জৰ সভাত প্ৰধানমন্ত্ৰী, চিৰাগ পাছোৱান, জিতন ৰাম মাঞ্জী, উপেন্দ্ৰ কুশৱাহা আৰু নীতিশ কুমাৰৰ ভাষণ শুনিছে।
আনহাতে, জেডিইউৰ মুখ্য মুখপাত্ৰ নীৰজ কুমাৰে কয়, সম্ভাৱনাৰ ওপৰত ৰাজনীতি কৰা নহয়। ইছ্যুৰ ওপৰত ৰাজনীতি কৰা হয়। এন ডি এৰ অংশীদাৰ দলসমূহৰ মাজত একতা আছে। আসন ভাগ-বতৰাও সময়মতে কৰা হ’ব।
তাৰোপৰি তেওঁ কয়, এন ডি এৰ মিত্ৰতাত সকলো ঠিকেই আছে। আসন বিভাজনৰ সূত্ৰ সন্দৰ্ভত কৰা প্ৰশ্নত তেওঁ কয়, ২৪৩খন আসন আছে। সকলো মিত্ৰদলকে সন্মানেৰে আসন দিয়া হ’ব। পাৰস্পৰিক সমন্বয়ৰ সৈতে আসনৰ ভাগ-বতৰা কৰা হ’ব।