বুকু ভেদি সোমাল গুলী : এন চি পিৰ নেতা বাবা ছিদ্দিকক হত্যা, দুই অভিযুক্তক আটক

চিকিৎসকৰ সকলো চেষ্টা- পৰীক্ষা বিফল কৰি নিশা ১১-২৭ বজাত অনন্তধামলৈ গতি কৰে বাবা ছিদ্দিক

author-image
Asomiya Pratidin
New Update
বুকু ভেদি সোমাল গুলী : এন চি পিৰ নেতা বাবা ছিদ্দিকক হত্যা, দুই অভিযুক্তক আটক

ডিজিটেল ডেস্ক : মুম্বাইৰ বান্দ্ৰাত দশেৰা চলি থকাৰ মাজতে নিৰ্মল নগৰত সংঘটিত হ’ল এক অনাকাঙ্খিত ঘটনা। বিজয়া দশমীৰ আনন্দ- উল্লাসৰ মাজতে নিশা অচিনাক্ত দুৰ্বৃত্তই এন চি পিৰ নেতা তথা ৩বাৰৰ বিধায়ক বাবা ছিদ্দিকক লক্ষ্য কৰি গুলী নিক্ষেপ কৰে।

Advertisment

ইয়াৰ পাছতে নিশা প্ৰায় ৯-৩০ বজাত গুলীবিদ্ধ নেতা তথা ছিদ্দিকক ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী হাস্পতাললৈ অনা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছু সময় পাছতে চিকিৎসকে তেঁওক মৃত বুলি ঘোষণা কৰে। চিকিৎসকৰ ভাষ্য অনুসৰি বাবা ছিদ্দিকৰ বুকুত দুটা গুলীৰ চিহ্ণ পোৱা গৈছে।

গুলীৰ আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাবা ছিদ্দিকক হাস্পতালখলৰ বিজ্ঞ চিকিৎসকে বহু চেষ্টা কৰিও বিফল হয়। বাবা ছিদ্দিকৰ ই চি জি কৰোৱা হৈছিল যদিও পাছলৈ তেঁওক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসকৰ সকলো চেষ্টা- পৰীক্ষা বিফল কৰি নিশা ১১-২৭ বজাত অনন্তধামলৈ গতি কৰে বাবা ছিদ্দিক।

ইয়াৰোপৰি চিকিৎসকে কয় যে ছিদ্দিকৰ বুকুত দুটা গুলীৰ চিহ্ণ পোৱা গৈছে যদিও, মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃততে কিমানটা গুলীৰে গুলীবিদ্ধ হৈছিল সেয়া জানিব পৰা যাব।

ইতিমধ্যে উক্ত ঘটনাৰ অভিযোগত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে। সন্দেহৰ ভিত্তিত আটক কৰা লোক দুজনৰ পৰা মুম্বাই অপৰাধ শাখাই এটা ৯.৯ এম এম পিষ্টল জব্দ কৰে। ইতিমধ্যে দুয়োগৰাকী লোকক জেৰা চলাই থকা হৈছে বুলি এক সূত্ৰত প্ৰকাশ।

Also Read: বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে ল’লে চৰম সিদ্ধান্ত...

Baba Siddique mumbai crime