/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e587f9e5-dbd5-4d3d-833b-7f3271d595e5/siddhi.jpg)
navaratri
ডিজিটেল ডেস্ক : শাৰদীয় দুৰ্গোৎসৱৰ আজি হৈছে মহানৱমী পূজা। আনহাতে, আজি নৱৰাত্ৰি পূজাৰ অন্তিমটো দিন। নৱৰাত্ৰিত ৯ দিন দেৱী দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়।
যোৱা ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰিৰ আজি নৱমটো দিন। দুৰ্গা পূজাৰ অষ্টমী আৰু নৱমী পূজা এই নৱৰাত্ৰিৰ ৯দিনৰ ভিতৰত বিশেষ মহত্ব আছে।
মহানৱমী দিনা দেৱী সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়। মা সিদ্ধিদাত্ৰী হৈছে দুৰ্গা মাৰ নৱমটো ৰূপ। নৱৰাত্ৰিৰ শেষৰটো দিনত কুমাৰী পূজা কৰা হয়। ৯ গৰাকী কুমাৰীক দেৱী দুৰ্গাৰ ৯টা ৰূপ হিচাপে লৈ পূজা কৰা হয়।
মহাদেৱ শিৱই সিদ্ধি প্ৰাপ্তিৰ বাবে দেৱী সিদ্ধিদাত্ৰীৰ পূজা কৰিছিল বুলি এক ধৰ্মীয় বিশ্বাস আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us