/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/86cf02a2-ec9d-42dd-b05e-e0ae000cb3d6/41.jpg)
ডিজিটেল ডেস্ক : দিল্লীৰ ৰাষ্ট্ৰীয় চিৰিয়াখানা উদ্যানত যমজ বগা চিতা বাঘ অৱনী আৰু ব্যোমৰ জন্মদিন পালন কৰা হয়। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উদ্যোগত আৰু চিৰিয়াখানা কৰ্তৃপক্ষৰ সহযোগত শনিবাৰে দুয়োটি চিতা পোৱালিৰ প্ৰথম সংখ্যক জন্মদিন উদযাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c4aa2b7d-3f2d-4035-b18f-2d38c5a46c74/image002UJB2.jpg)
কণ কণ শিশু,ছাত্ৰ-ছাত্ৰী তথা দৰ্শনাৰ্থীসকলৰ উপস্থিতিত অতি উলাহ-মালহেৰে কেক কাটি চিতা বাঘ দুটিৰ জন্মদিনৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে চন্দ্ৰ প্ৰকাশ গোৱেল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6196afc0-bea5-4beb-87b2-18609c57d74c/image001CYQQ.jpg)
লগতে ডি জি আৰু এছ এছে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটিত ৰাষ্ট্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ সদস্য সচিব ড০ এছ.কে. শুক্লাই বিশেষভাৱে সহযোগিতা আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5cf384fc-53f9-44ae-a3a2-265462e0b325/image0065GBV.jpg)
উল্লেখযোগ্য যে জন্মদিনৰ লগত সংগতি ৰাখি উপস্থিত ছাত্ৰী-ছাত্ৰীসকলক বাঘৰ বিষয়ে শিকা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে শিকোৱাৰ উদ্দেশ্যে এক শৈক্ষিক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। লগতে উপস্থিত থকা প্ৰতিগৰাকী শিক্ষাৰ্থীক চিৰিয়াখানা কৰ্তৃপক্ষই গছপুলি উপহাৰ দি সেউজী ধৰণীৰে পৰিৱেশ সুস্থ কৰি ৰখাৰ বাবে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/74c3626c-451a-477d-bd5a-cda6aa4d80b0/image004MC95.jpg)
Also Read: আৰক্ষী বিষয়া শুভলক্ষ্মীৰ অশুভ কাণ্ড ! বনকৰা মহিলাক অকথ্য নিৰ্যাতনৰ অভিযোগ