/asomiyapratidin/media/media_files/2025/04/16/JaRqb7IxmNE6OwgQdcwa.jpg)
ডিজিটেলল ডেস্কঃ নেচনেল হেৰাল্ড গোচৰত কংগ্ৰেছৰ হাইকামাণ্ড ছোনিয়া গান্ধী আৰু বিৰোধী দলপতি ৰাহুল গান্ধীৰ নাম জড়িত জড়িত হোৱাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে প্ৰথমবাৰৰ বাবে ইডিৰ চাৰ্জশ্বিটত কংগ্ৰেছৰ এই দুই নেতাৰ নাম উঠিছে। ইডিৰ চাৰ্জশ্বিটত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নাম উঠাৰ পাছতেই বিজেপিয়ে পুনৰ দুয়ো শীৰ্ষ কংগ্ৰেছ নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
তাৰ বিপৰীতে কংগ্ৰেছে নেচনেল হেৰাল্ড গোচৰৰ বিষয়টোক কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ ৰাজনৈতিক প্ৰতিহিংসা আখ্যা দিছে। ফলত দেশৰ ৰাজনীতি নেচনেল হেৰাল্ড গোচৰক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে আৰু গেৰুৱা-হাত শিবিৰৰ মাজত বাক্যবাণ আৰম্ভ হৈছে।
বুধবাৰে পুৱা সংবাদিকৰ আগত বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে দাবী কৰে, কংগ্ৰেছে সম্পত্তি আত্মসাৎ কৰিবলৈ কৰ্পোৰেট দুৰ্নীতি সংঘটিত কৰিছিল। ২০০৮ চনত বন্ধ হৈছিল নেচনেল হেৰাল্ডৰ প্ৰকাশ। সেই সময়ত এই সংবাদ পত্ৰৰ প্ৰকাশক এছোচিয়েটেড জাৰ্নলছ লিমিটেডক ৯০ কোটি টকা দিছিল কংগ্ৰেছে।
এই প্ৰসংগ উত্থাপন কৰি ৰবিশংকৰে অভিযোগ কৰি কয় যে, কোনো ৰাজনৈতিক দলে কেতিয়াও বেচৰকাৰী সংস্থাক অনুদান দিব নোৱাৰে। ইফালে পিছত এছোচিয়েটেড জাৰ্নলছ লিমিটেডে জনাই দিয়ে তেওঁলোকে সেই ঋণ পৰিশোধ কৰাত অপৰাগ। পাছত ইয়ং ইণ্ডিয়া লিমিটেডলৈ সংস্থাটোৰ ৩৮ শতাংশ শ্বেয়াৰ হস্তান্তৰ কৰা হৈছিল। এই ইয়ং ইণ্ডিয়া লিমিটেডৰ সৈতে জড়িত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী।
ইয়াৰ ফলত তেওঁলোকে বিভিন্ন চহৰত থকা নেচনেল হেৰাল্ডৰ সম্পত্তিৰ মালিকানা লাভ কৰে।
ৰবিশংকৰ প্ৰসাদে আৰু কয়, ইয়ং ইণ্ডিয়া লিমিটেড এটা লাভজনক সংস্থা। অৱশ্যে তেওঁলোকে কোনো দাতব্য কাম-কাজ কৰা নাই। এছোচিয়েটেড জাৰ্নলছ লিমিটেডক ৫০ লাখ টকা দিয়া হৈছিল। আৰু তেওঁলোকক ঋণ হেৰাই দিয়া হৈছিল। বিজেপিৰ সাংসদগৰাকীয়ে এই কাৰ্যক গান্ধীৰ উন্নয়নৰ মডেল আখ্যা দিছে।
আনহাতে শচীন পাইলটে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আমি বিচাৰ ব্যৱস্থাক বিশ্বাস কৰো। আমি আইনৰ জৰিয়তে ন্যায়ৰ বাবে যুঁজ দিম। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক টাৰ্গেট কৰা হৈছে। বিৰোধীৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা চলিছে। মোডীৰ চৰকাৰৰ হাতত এই সন্দৰ্ভত কোনো প্ৰমাণ নাই। তেওঁলোকে কেৱল বিৰোধীক অপবাদ দিব বিচাৰে।
উল্লেখ্য, নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নাম ইডিৰ চাৰ্জশ্বিটত উঠাৰ লগে লগে দেশজুৰি কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে।অসমতো আজি ভূপেন বৰাৰ নেতৃত্বত শীৰ্ষ কংগ্ৰেছীনেতাৰ উপস্থিত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।