বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা : ৰাষ্ট্ৰীয় মঞ্চত উজলিল আইমী বৰুৱাৰ ‘বিৰুবালা উইটচ টু পদ্মশ্ৰী’

শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটাৰে উজলি উঠিল ‘এমুঠি পুঠি’

author-image
Asomiya Pratidin
New Update
বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা : ৰাষ্ট্ৰীয় মঞ্চত উজলিল আইমী বৰুৱাৰ ‘বিৰুবালা উইটচ টু পদ্মশ্ৰী’

ডিজিটেল ডেস্ক : দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত নতুন দিল্লীত মঙলবাৰে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভাৰতীয় তথা আঞ্চলিক ভাষাৰ চিনেমাৰ কেইবাটাও শিতানত ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।

Advertisment

উক্ত অনুষ্ঠানত সুদীৰ্ঘ দিন ধৰি ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ বাবে অভিনেতা মিথুন চক্ৰৱৰ্তীক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। এই সন্মান দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা গ্ৰহণ কৰে অভিনেতাগৰাকীয়ে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত যশস্বী শিল্পী এ আৰ ৰহমানলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। শিল্পীগৰাকীক পনিয়িন চেলভান ১ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান আগবঢ়োৱা হয়। এইবাৰৰ সৈতে তেঁও সপ্তমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত হয়। ইয়াৰ আগেয়ে তেঁও ৬বাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে কৌশিক সৰকাৰে। মনো নো এৱাৰ চলচ্চিত্ৰখনৰ বাবে তেঁও শ্ৰেষ্ঠ চিত্ৰনাট্য ৰচকৰ সন্মান লাভ কৰে। একেদৰে বিশাল ভৰদ্বাজক অনা-ফিচাৰ চলচ্চিত্ৰ বঁটাৰ বাবে শ্ৰেষ্ঠ সংগীত নিৰ্দেশনা বঁটা প্ৰদান কৰা হয়।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় বঁটাৰে উজলি উঠে অসমৰ আইমী বৰুৱা। তেঁওক ‘বিৰুবালা’ শীৰ্ষক ছবিখনৰ বাবে বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হয়। আনহাতে পাৰ্থসাৰথি মহন্তৰ ‘হাড়গিলা’লৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয়। ইয়াৰ উপৰি শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটাৰে উজলি উঠে এমুঠি পুঠি নামৰ ছবিখন। ছবিখনৰ পৰিচালক কুলনন্দিনী মহন্তক ৰজত কমল বঁটাৰে সন্মানিত কৰা হয়।

গুলমহৰ ছবিৰ বাবে বিশিষ্ট অভিনেতা মনোজ বাজপেয়ীলৈ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। বাজপেয়ীলৈ জুৰিৰ বিশেষ উল্লেখ শ্ৰেণীৰ শিতানত ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ তামিল ছবিৰ বঁটা আগবঢ়োৱা হয় পনিয়িন চেলভান: পাৰ্ট ১লৈ। এই বঁটা গ্ৰহণ কৰে পৰিচালক মণি ৰত্নমে।

আনহাতে শ্ৰেষ্ঠ এনিমেছনৰ শিতানত ব্ৰহ্মাস্ত্ৰ ছবিলৈ আগবঢ়োৱা হয় ৰাষ্ট্ৰীয় বঁটা। ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটাটি গ্ৰহণ কৰে কৰণ জোহৰে। ইয়াৰোপৰি কেইবাটাও শিতানত ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।

Also Read: ২০২৪ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপকৰ নাম ঘোষণা

National Awards 2024