/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/n45z6s7u/230.jpg)
ডিজিটেল ডেস্ক : মঙলবাৰে ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম। এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা যুটীয়াভাৱে দুগৰাকী স্বনামধন্য ব্যক্তিলৈ আগবঢ়ৱো হ’ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/l11lns6l/4618267869277279160557051112439951044337224n.jpg)
তেঁওলোক হৈছে জন জে হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টন। উল্লেখযোগ্য যে ৰয়েল ছুইডিছ একাডেমী অৱ ছাইন্সে “কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ সহায়ত যান্ত্ৰিক শিক্ষা সক্ষম কৰা মৌলিক আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে” জন জে হপফিল্ডক এই বঁটা প্ৰদান কৰিব। একেদৰে জিঅ’ফ্ৰে ই হিণ্টনক যন্ত্ৰশিক্ষা সম্পৰ্কীয় নতুন প্ৰযুক্তি উদ্ভাৱনৰ বাবে ২০২৪ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰিব।
Also Read: LIVE UPDATE : হাৰিয়ানাত ৩৩খনত বিজেপি, ৩খনহে কম কংগ্ৰেছৰ...