ইঞ্জিনিয়াৰ দিৱস; প্ৰতি গৰাকী অভিযন্তালৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইঞ্জিনিয়াৰ দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
১১বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইঞ্জিনিয়াৰ দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। লগতে কয় যে ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱা অভিযন্তা সকলৰ দক্ষ আৰু প্ৰতিভাৰ প্ৰতি ভাৰত সদায় গৌৰৱান্বিত।

Advertisment

টুইটৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰি মোডীয়ে কয় যে "অভিযন্তা দিৱসৰ দিনা সকলো অভিযন্তাক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱা অভিযন্তা সকলৰ দক্ষ আৰু প্ৰতিভাৰ বাবে আমি সদায় ধন্য। আমাৰ চৰকাৰে অধিক অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণকে ধৰি অভিযান্ত্ৰিক অধ্যয়নৰ বাবে আন্তঃগাঁথনি বৃদ্ধিৰ বাবে কাম কৰি আছে, ।

আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও টুইটাৰৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰে। আজি এই দিৱসৰ দিনা বিখ্যাত অভিযন্তা ভাৰত ৰত্ন ছাৰ এম বিশ্বেশ্বৰায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, এম বিশ্বেশ্বৰায় জন্মদিনটো ইঞ্জিনিয়াৰ দিৱস হিচাপে পালন কৰা হয়।

EngineersDay narendra modi