/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/PM-MODI-uruka-AP-FOR-WEB-new-format-copy.jpg)
ডিজেটেল ডেস্ক:
''আপোনালোকে অভিযোগ কৰে যে মই প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহাৰলাল নেহৰুৰ নাম নলও, আজি মই কেৱল নেহৰুজীৰ কথা ক'ম, এঞ্জয় কৰক'' লোকসভাত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
সোমবাৰে লোকসভাত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰু সন্দৰ্ভত বিভিন্ন মন্তব্য কৰে লগতে কংগ্ৰেছক লক্ষ্য কৰি কটাক্ষ মূলক মন্তব্য কৰে। কংগ্ৰেছে বিভিন্ন সময়ত বিজেপি চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধি সন্দৰ্ভত সমালোচনা কৰি আহিছে। এই ক্ষেত্ৰতে মোডীয়ে লোকসভাত কংগ্ৰেছক কটাক্ষ কৰি মন্তব্য কৰে।
মোডীয়ে কয় যে চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ চেষ্টা কৰিছে আৰু এয়া চৰকাৰৰ কৰ্তব্য।লগতে কয়, ''পণ্ডিত নেহৰুই লালকিল্লাত কৈছিল যে 'কোৰিয়াক যুদ্ধই আমাক প্ৰভাৱিত কৰিছে।যাৰবাবে মূল্যবৃদ্ধি হৈছে আৰু এয়া অনিয়ন্ত্ৰিত হৈ পৰিছে' ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীয়ে হাৰ মানিছিল''।
যদি আমেৰিকাত কিবা হয় তেন্তে আমাৰ ইয়াত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত প্ৰভাৱ পৰে।কল্পনা কৰক মূল্যবৃদ্ধিৰ সমস্যা কিমান গম্ভীৰ। এই কথা নেহৰুই লালকিল্লাত কৈছিল আৰু আজি শাসনত থাকিলে মূল্যবৃদ্ধিৰ কাৰণ কৰ'ণা বুলি কৈ পলায়ন কৰিলেহেতেন।
কংগ্ৰেছে এই কথাত বিৰোধিতা কৰাত প্ৰধানমন্ত্ৰীয়ে কয় যে ''আপোনালোকে কয় মই নেহৰুৰ নাম নলও, আজি মই কেৱল নেহৰুৰ কথাই ক'ম আপোনালোকে এঞ্জয় কৰক।আপোনালোকে কয় মোদীয়ে নেহৰুৰ নাম নলয় সেইবাবে আজি আপোনালোকৰ ইচ্ছা পূৰণ কৰিছো''।
২০১৪ চনত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে মাত্ৰ ৪৪ খন আসন লাভ কৰা সন্দৰ্ভত কটাক্ষ কৰি মোদীয়ে কয় যে ''কংগ্ৰেছে গৰিবী হটাও শ্ল'গানেৰে নিৰ্বাচনত জয় লাভ কৰিছিল কিন্তু গৰিবীয়ে তেওঁলোকক আঁতৰাই দিয়ে''।