পৰীক্ষা পে চৰ্চাঃ প্ৰধানমন্ত্ৰী মোডীয়ে ৩৮ লাখ ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি দিলে গুৰুমন্ত্ৰ

পৰীক্ষা পে চৰ্চাঃ প্ৰধানমন্ত্ৰী মোডীয়ে ৩৮ লাখ ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি দিলে গুৰুমন্ত্ৰ

'পৰীক্ষা পে চৰ্চা' মোৰ পৰীক্ষা আৰু দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীয়ে মোৰ পৰীক্ষা লৈ আছে। এই পৰীক্ষা দি মই আনন্দ পাঁও।

ডিজিটেল ডেস্ক: শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দেশৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বোধন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতক মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰায় ৩৮ লাখ ছাত্ৰ-ছাত্ৰীৰ লগতে এই অনুষ্ঠানৰ জৰিয়তে মত বিনিময় কৰে।

পৰীক্ষাৰ সময় ছাত্ৰ ছাত্ৰী সকলে মানসিক চাপৰ পৰা মুক্তি পাবৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুৰুমন্ত্ৰ দিয়ে। মোডীয়ে কয় যে- 'পৰীক্ষা পে চৰ্চা' মোৰ পৰীক্ষা আৰু দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীয়ে মোৰ পৰীক্ষা লৈ আছে। এই পৰীক্ষা দি মই আনন্দ পাঁও। পৰিয়ালৰ নিজৰ সন্তানৰ পাৰ আশা কৰা ভাল কথা, কিন্তু এয়া যদি কেৱল সামাজিক স্থিতি বজাই ৰাখিবৰ বাবে কৰা হয় তেন্তে ই অতি ভয়ংকৰ।

মোডীয়ে কয় যে, তোমালোকৰ দৰে আমাৰ ৰাজনৈতিক জীৱনতো হেঁচা পৰে। নিৰ্বাচনত ভাল ফলাফল অহাৰ পাছতো আমি আৰু ভাল আশা কৰো। চিন্তা নকৰিবা, কেৱল চাপমুক্ত আৰু আনন্দিত হৈ থাকি নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ চেষ্টা কৰা আৰু পৰীক্ষাত অৱতীৰ্ণ। যদি তোমালোকে অন্য কাৰ্যকালাপৰ প্ৰতিও গুৰুত্ব দিয়া তেন্তে এনে চাপৰ পৰা মুক্ত হ'ব পাৰিবা।

মোডীয়ে কয় যে আত্মনিৰীক্ষণ কৰা। আমি নিজে নিজৰ সম্ভাৱনা, আকাংক্ষা, লক্ষ্যবোৰ চিনাক্ত কৰা উচিত।

সময়ৰ উচিত ব্যৱহাৰৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে কেৱল পৰীক্ষাৰ বাবেই নহয়, আমি যিকোনো ধৰণে জীৱনৰ সময় ব্যৱস্থাপনাৰ বিষয়েও অৱগত হোৱা উচিত। কাম কৰিলে ভাগৰ নহয় সন্তুষ্টি থাকে। কাম নকৰিলে ভাগৰ লাগে যে ইমান কাম বাকী আছে।

ইয়াৰোপৰি আৰু কেইবাটাও দিশত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বহু ছাত্ৰ ছাত্ৰীয়ে মোডীক ভাৰ্চুৱেলী প্ৰশ্ন সোধে আৰু মোডীয়ে তাৰ উত্তৰ দিয়ে।

আৰু পঢ়ক: সাহিত্যৰ স্থান নাই, ৰাজনীতিহে এতিয়া সাহিত্য সভা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in