/asomiyapratidin/media/media_files/2025/04/23/l600e04DwGKCTKr5MH2H.jpg)
ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি বুধবাৰে পুৱাই স্বদেশত আহি উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মঙলবাৰে নিশা প্ৰধানমন্ত্ৰী মোডীয়ে ছৌদিৰ ৰাজ পৰিয়ালৰ আতিথ্যত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ কথা আছিল যদিও সেই কাৰ্যসূচীও বাতিল কৰে আৰু স্বদেশ অভিমুখে উৰা মাৰে।
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই সন্দৰ্ভত এক্সৰ জৰিয়তে অৱগত কৰিছে। মোডীৰ সূচী অনুসৰি বুধবাৰে নিশা মোডী দিল্লীলৈ উভতি অহাৰ কথা আছিল। কিন্তু পেহেলগাম কাণ্ডৰ পিছতে তেওঁ চিন্তিত হৈ পৰে আৰু স্বদেশলৈ ঘূৰি আহে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে তেওঁ আৰৱৰ পৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ ফোন কৰি পৰিস্থিতি সন্দৰ্ভত কিছু কথা পাতে। ফোনতেই তেওঁ কাশ্মীৰৰ নিৰাপত্তাৰ ব্যৱস্থাৰ তদাৰকৰো নিৰ্দেশ দিয়ে। কেৱল সেয়াই নহয়, মোডীয়ে শ্বাহক কাশ্মীৰলৈ যাবলৈও নিৰ্দেশ দিয়ে।
প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশৰ পাছতেই মঙলবাৰে নিশাই শ্ৰীনগৰত উপস্থিত হৈ সেনা, অৰ্ধসামৰিক, আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ সৈতে বৈঠকত মিলিত হয় অমিত শ্বাহ। মন কৰিবলগীয়া যে, জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী শ্বাহৰ গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত।
দুদিনীয়া ভ্ৰমণৰ বাবে মঙলবাৰে পুৱা ছৌদি আৰৱৰ জেড্ডালৈ ৰাওনা হৈছিল মোডী। ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰী তথা ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত তেওঁ তৃতীয়বাৰৰ বাবে ছৌদি আৰৱ ভ্ৰমণ কৰিছিল। কিন্তু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পৰ্যটনস্থলী পেহেলগামৰ বৈসাৰণ উপত্যকাত উগ্ৰপন্থী আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ উভতি অহাৰ প্ৰস্তুতি আৰম্ভ কৰে।
ছৌদি আৰৱৰ পৰা মোদীয়ে টুইট কৰি কয় যে, জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি তেওঁৰ সমবেদনা জ্ঞাপন কৰিছে। আহতসকল সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছে। তাৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই জঘন্য কাণ্ডৰ আঁৰত থকাসকলক ৰেহাই দিয়া নহ’ব বুলিও হুংকাৰ দিছে।