উত্তৰ-পূৱৰ হাত ধৰি ২০২৪ লৈ মোডী...

ঘোষণা হোৱা উত্তৰ পূৱৰ ৩ খন ৰাজ্যৰ নিৰ্বাচন বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ আছিল। ২০২৪ চনত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। গতিকে আজিৰ ফলাফলে বিজেপিক সহায় কৰিব পৰৱৰ্তী সময়ত।
উত্তৰ-পূৱৰ হাত ধৰি ২০২৪ লৈ মোডী...

বৰষা শৰ্মা

৩ ৰাজ্যত ঘোষণা হ'ল নিৰ্বাচনী ফলাফল । মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ দিশে বিজেপি। ত্ৰিপুৰাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে মেঘালয় আৰু নাগালেণ্ডত মিত্ৰ দলৰ সৈতে ক্ষমতাৰ বাঘজৰী ধৰি ৰাখিবলৈ সক্ষম হয় বিজেপি।

অৱশ্য ২০২৩ চনৰ নিৰ্বাচন পৰ্যালোচনা কৰিলে লক্ষ্য হয় আঞ্চলিক ৰাজনৈতিক দলৰ উত্থান। ত্ৰিপুৰাৰ বাহিৰে আন দুখন ৰাজ্যত বিজেপিয়ে মিত্ৰতা স্থাপনৰ ফলতহে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। ত্ৰিপুৰাত ২০১৮ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে ৩৬খন আসন লাভ কৰিছিল৷ এইবাৰ বিজেপিৰ আসনৰ সংখ্যা ৩২।

আনহাতে, ত্ৰিপুৰাত খিলঞ্জীয়া জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰৰ হকে সংগ্ৰাম কৰা, নৱগঠিত আঞ্চলিক দল তিপ্ৰামথাই প্ৰথম নিৰ্বাচনতে ১৩খন আসন লাভ কৰাটো উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনীতিৰ বাবে ইতিবাচক বতৰা ৷

নাগালেণ্ডত বিজেপিয়ে ২০খন আসনত প্ৰতদ্বন্দিতা কৰি ১২খনত বিজয় সাব্যস্ত কৰিছে৷ দলটোৱে ২০১৮ চনতো ইয়াৰ সংখ্যা ১২ আছিল। নাগালেণ্ডত বিজেপিৰ নাই কোনো উত্থান।

মেঘালয়ত বিজেপিয়ে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত দুখন আসন লাভ কৰিছিল ৷ এইবাৰ এককভাৱে চৰকাৰ গঠনৰ হুংকাৰ দিছিল যদিও মাত্ৰ ৩খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে শাসনাধিষ্ঠিত দল এন পি পিয়ে সৰ্বাধিক সংখ্যক আসন লাভ কৰি পুনৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷

অৱশ্যে মিত্ৰতাৰ দ্বাৰা বিজেপিয়ে পৰোক্ষভাৱে হ'লেও উত্তৰ পূৱত খোপনি পুতিবলৈ সক্ষম হৈছে। 'অষ্টলক্ষ্মী' আখ্যা দিয়া উত্তৰ পূৱত পাকে প্ৰকাৰে শাসন চলাবলৈ উঠি পৰি লাখিছে বিজেপি। ইয়াৰ আখৰা বিজেপিয়ে কেতিয়াবাই আৰম্ভ কৰিছিল।

পূৰ্বৰ পৰাই উত্তৰ পূৱক দিল্লীয়ে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ আছে। ইয়াৰ আঁত ধৰিয়েই মোডীয়ে উত্তৰ পূৱৰ বাবে বহু কল্যানমূলক আঁচনি আৰু প্ৰকল্প আৰম্ভ কৰিছিল। যাৰ পাছত এই ৰাজ্য সমূহক মোডী এক ব্ৰেণ্ড হৈ পৰিছিল আৰু এয়া বিজেপিৰ বাবে আছিল এক উত্তম সুযোগ।

কেৱল মোডী বুলিয়েই নহয়, উত্তৰ পূৱক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আদিকে বিভিন্ন জনে লোৱা সিদ্ধান্তই দলটোক সহায় কৰিছে।

বিজেপিৰ প্ৰদৰ্শন কেৱল এই তিনিখন ৰাজ্যতে সীমাবদ্ধ নহয়। শেহতীয়া বছৰবোৰত, দলটোৱে অসম,অৰুণাচলৰ পৰা আৰম্ভ কৰি মণিপুৰতো ভাল প্ৰদৰ্শন দেখুৱাইছিল। ২০১৬ চনত বিজেপিয়ে অসমত ১৫ বছৰীয়া কংগ্ৰেছ শাসনৰ সমাপ্তি ঘটাই ক্ষমতালৈ আহিছিল।

সেই বছৰতে, বিজেপি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু এজন কংগ্ৰেছী আছিল যি পাছলৈ বিজেপিলৈ আহিছিল।

২০১৭ চনত বিজেপিয়ে মণিপুৰ জয় লাভ কৰিছিল আৰু প্ৰাক্তন কংগ্ৰেছী এন বীৰেন সিং মুখ্যমন্ত্ৰী হৈছিল।

২০১৮ চনত বিজেপিয়ে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত জয় লাভ কৰিছিল। ৰাজ্যখনত বাঁওদলৰ ২৫ বছৰীয়া শাসনৰ সমাপ্তি ঘটাই বিজেপিয়ে আৰম্ভ কৰিছল নতুন যাত্ৰা। সেই বছৰতে মেঘালয় আৰু নাগালেণ্ডত মিত্ৰজোটৰ চৰকাৰ গঠন কৰিছিল বিজেপিয়ে।

২০১৯ চনত অৰুণাচল প্ৰদেশত ৬০ খন আসনৰ ৪১ খনত বিজয় সাব্যস্ত কৰি শাসন বৰ্তাই ৰাখিছিল।

২০২১ চনত গেৰুৱা দলে পুনৰ অসমত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ২০২২ চনত বিজেপিয়ে মণিপুৰত জয়লাভ কৰে। আনহাতে ছিক্কিম আৰু মিজোৰামত আঞ্চলিক দলসমূহে শাসন চলাই আছে।

অসম বা ত্ৰিপুৰাত হিন্দু সংখ্যা গৰিষ্ঠ হ'লেও আন ৰাজ্যত খ্ৰীষ্টান বা জনগোষ্ঠীয় লোক সকলৰ সংখ্যা গৰিষ্ঠতা দেখা যায় । গতিকে বিজেপিয়ে 'হিন্দুত্ববাদী' ধাৰণা লৈ উত্তৰ পূৱৰ অন্য ৰাজ্য সমূহত কেনেকৈ শাসন কৰিবলৈ সক্ষম হ'ল সেয়াও এক প্ৰশ্ন ।

ইয়াৰ বাবে বিজেপিয়ে লক্ষ্য কৰি লৈছে আঞ্চলিক ৰাজনৈতিক দল সমূহক। মোডী কেন্দ্ৰত শাসন আৰম্ভ কৰাৰ প্ৰায় ২ বছৰ পাছত অসমত বিজেপিৰ শাসন আৰম্ভ হৈছিল। লগে লগে বিজেপিয়ে উত্তৰ পূৱৰ বাবে মোকলাই গৈছিল পূঁজি। তাৰ মাজতে ২০১৫ চনত অসমৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন ঘটিছিল। কংগ্ৰেছ নেতা হিমন্ত বিশ্ব শৰ্মাই যোগদান কৰিছিল বিজেপিত। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক গৰাকী দিল্লীৰ লগত উত্তৰ পূৱক সংযোগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ইয়াৰোপৰি কেন্দ্ৰই এক বিশেষ বাৰ্তা দিছিল।সেইটো হ'ল - দিল্লী দূৰ নহয়। আৰম্ভ হৈছিল কংগ্ৰেছ নেতাৰ বিজেপিলৈ গমন। উত্তৰ পূৱৰ এনে কিছুমান দলে মোডী মন্ত্ৰী সভাত স্থান পাইছিল যি বছৰ বছৰ ধৰি ৰাজ্য শাসন কৰি আহিছিল।

উত্তৰ পূৱৰ আঞ্চলিক দল সমূহৰ জৰিয়তে ৰাইজৰ কাষ চাপিছিল বিজেপি। মিত্ৰতা স্থাপন কৰি গৈছিল আঞ্চলিক দল সমূহৰ লগত। মেঘালয়ত এনপিপিৰ এক বিশেষ স্থান আছে। এইবাৰ এনপিপিয়ে একক ভাৱে প্ৰতিদ্বন্দিতা কৰিলেও দুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠকে মিত্ৰতাৰ ইংগিতেই দি গৈছে।

আনহাতে ত্ৰিপুৰাত এইবাৰ নতুন আঞ্চলিক ৰাজনৈতিক দলে ভুুমুকি মাৰিছে।  তিপ্ৰ মথাই প্ৰথম বাৰতেই ভাল প্ৰদৰ্শন কৰা দেখা যায়। ইয়াৰ মাজতে বিজেপিয়ে  তিপ্ৰ মথাৰ লগত মিত্ৰতা কৰিবৰ বাবে ইচ্ছুকতা প্ৰকাশ কৰি কৈছে যে তিপ্ৰ মথাৰ  গ্ৰেটাৰ তিপ্ৰা লেণ্ডৰ দাবীৰে বাহিৰে সকলো দাবীয়ে মানি ল'ব বিজেপিয়ে।

তিপ্ৰ মাথাই বিজেপিৰ লগত মিত্ৰতা কৰা-নকৰাতো ডাঙৰ কথা নহয়। ই শক্তিশালী বিৰোধী দলক পৰিণত হ'লেও বহু পৰিমাণে ভোট বিভাজন কৰিব আঞ্চলিক দল সমূহৰ মাজত।

২০২৪ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে দেশৰ প্ৰায়ভাগ আঞ্চলিক দলৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। কংগ্ৰেছৰ অস্তিত্ব দেশত প্ৰায় নোহোৱা হোৱাৰ দিশত। আনহাতে মূৰ দাঙি উঠা আপকো নিশেষ কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে।

অৱশ্যে দিল্লী, পঞ্জাৱ, পশ্চিম বংগ আদিত বিজেপিৰ অস্তিত্ব নোহোৱাৰ দৰে। বহু চেষ্টা কৰিও কিছুমান ৰাজ্যত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আম আদমী পাৰ্টীয়ে দুখনকৈ ৰাজ্যত শাসন চলাই আছে। কিন্তু কিছুদিন পূৰ্বে আপত হোৱা কিছু পৰিৱৰ্তনে বিজেপিক যথেষ্ঠ সহায় কৰিব।

উত্তৰ পূৱত আপৰ প্ৰদৰ্শন ভাল নহয় বা ভালদৰে আত্মপ্ৰকাশে কৰিব পৰা নাই। আপৰ চেষ্টাৰ মাজতেই দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিচদিয়া আৰু মন্ত্ৰী সৈতেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰে আপৰ যথেষ্ঠ লোকচান কৰাৰ সম্ভাৱণা আছে।

বিজেপিৰ পৰিকল্পনা ৰাইজে দেখি আহিছে। আন কোনো দলৰ হাতত থকা ৰাজ্যৰ শাসন এনিশাৰ ভিতৰত বিজেপিয়ে নিজৰ হাতলৈ আনিব পাৰে। বিজেপিয়ে জানে ৰাজনীতি কেনেকৈ কৰিব লাগে, কাক কেনেকৈ হাতৰ মুঠিত ৰাখিব লাগে।

কৰবাত যদি হিন্দুত্ব বাদ, কৰবাত আঞ্চলিক ৰাজনৈতিক দল আৰু কেতিয়াবা হয়তো নেতাৰ কিনা বেছা। উত্তৰ পূৱত বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ। লোকসভাত উত্তৰ পূৱৰ ২৫ খন আসন আছে। গতিকে এই নিৰ্বাচন সমূহে বিজেপিক সহায় কৰিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে।

বিজেপিয়ে ইতিমধ্যেই ৰচিছে ২০২৪ চনৰ ব্লু প্ৰিন্ট। বিভিন্ন সময়ত বিজেপিয়ে লোৱা সিদ্ধান্ত যেনে হিন্দুত্ববাদ , অচ্ছেদিন বা 'সৰ্বোত্তম কাল আদিৰ দ্বাৰা বিজেপিয়ে খেল আগবঢ়াই নিছে। হয়তো উত্তৰ পূৱৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে অতি ভাল নহ'লেও ভাল নম্বৰত ছেমি ফাইনেলত উত্তীৰ্ণ হ'ল বিজেপি...

উত্তৰ-পূৱৰ হাত ধৰি ২০২৪ লৈ মোডী...
জুবিনৰ পৰা অসমীয়া চিনেমালৈ, OLA- Uber ৰ পৰা Rapido লৈ, ক'তো নাই পেছাদাৰীত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in