/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/851a141a-bf15-4117-b7f2-202daa1953dc/135.jpg)
ডিজিটেল ডেস্কঃ নাইনিতাল বনাঞ্চলৰ জুই এতিয়াও নিৰ্বাপন হোৱা নাই। জুই নুমুৱাত সেনা ব্যৰ্থ হোৱাৰ পাছত এইবৰা এনডিআৰএফে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে। এনডিআৰএফে নয়নিতালৰ মনোৰা ৰেঞ্জ, ভাৱালী, ভীমতালকে ধৰি চাৰিওফালৰ অঞ্চলত বনজুই নিয়ন্ত্ৰণ ৰখাৰ বাবে কাম কৰিব।
নাইনিতাল মনোৰা ৰেঞ্জৰ ৰেঞ্জাৰ মুকুল শৰ্মাই কয় যে, জংঘলৰ বিভিন্ন প্ৰান্তত এতিয়াও অবিৰতভাৱে জুই লাগিয়েই আছে। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ গদৰপুৰ কেন্দ্ৰৰ পৰা এনডিআৰএফক জুই নুমুৱাবলৈ মাতি অনা হৈছে । গদৰপুৰৰ পৰা নাইনিতালত উপস্থিত হোৱা দলটোক ৰাণী বাগ বন বিভাগৰ উদ্ধাৰ কেন্দ্ৰত একত্ৰিত কৰা হৈছে। ইয়াৰ পাছত দলটোক দুটা ভাগত বিভক্ত কৰি পৃথক পৃথক ঠাইলৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে, ৪ দিন হৈ যোৱাৰ পাছতো নাইনিতালত জুই নিয়ন্ত্ৰণ হোৱা নাই। জুইৰ ধোৱা এতিয়া জনাঞ্চলতো প্ৰৱেশ কৰিছে। যদি এনেয়ে হৈ থাকে তেন্তে বায়ু প্ৰদূষণে জুৰুলা কৰিব নাইনিতালক।
উত্তৰাখণ্ডৰ বিভাগীয় কৰ্তৃপক্ষই জুই নুমুৱাবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে জুই নিয়ন্ত্ৰণত অহা নাই। কেইবাঠাইলৈ বিয়পি পৰিছে বনজুই।
Also Read: ইণ্ডিয়া মিত্ৰজোঁট ভংগ কৰাৰ মূল ষড়যন্ত্ৰকাৰী ভূপেন বৰাঃ আপ