জন্মু-কাশ্মীৰত মৃত্যু নগাঁৱৰ সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া

জন্মু-কাশ্মীৰত মৃত্যু নগাঁৱৰ এজন সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়াৰ ৷

author-image
Asomiya Pratidin
New Update
 জন্মু-কাশ্মীৰত মৃত্যু নগাঁৱৰ সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া

ডিজিটেল সংবাদ,নগাঁও: জন্মু-কাশ্মীৰত মৃত্যু নগাঁৱৰ এজন সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়াৰ ৷ সুৰক্ষা বাহিনীত কৰ্মৰত উপ পৰিদৰ্শক দুলাল শৰ্মাৰ ১৯ চেপ্টেম্বৰত মৃত্যু হয় ৷

Advertisment

সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত এক দুৰ্ঘটনাত পতিত হৈছিল শৰ্মা ৷ ১৭ চেপ্টেম্বৰৰ নিশা উপ পৰিদৰ্শক দুলাল শৰ্মা শিবিৰৰ চিৰিৰ পৰা বাগৰি পৰাত মূৰ , বুকুত আঘাত পাইছিল ৷ লগে লগে শৰ্মাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ১৯ চেপ্টেম্বৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

বুধবাৰে পুৱা ভাগত শৰ্মাৰ মৃতদেহটি বিমানযোগে গুৱাহাটীলৈ অনাৰ পিছত সীমান্ত সুৰক্ষা বাহিনীয়ে নগাঁৱৰ গৃহলৈ আনে ৷ কুৰুৱাবাহী-বেবেজীয়া পথত থকা বাসগৃহত মৃতদেহটি আহি পোৱাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷ সামৰিক মৰ্যদাৰে সুৰক্ষা বাহিনীয়ে দুলাল শৰ্মাৰ প্ৰতি শেষ শ্ৰদ্ধা জনায় ৷

assam Jammu Kashmir