হেব্ৰনত পৰিষদৰ মুখ্য কাৰ্যালয়ত ৪৪ সংখ্যক নাগা গণৰাজ্য দিৱস উদযাপন..

নগাৰ পৰিচয় ৰক্ষা আৰু ৰাজনৈতিক অধিকাৰ লাভৰ বাবে এক উমৈহতীয়া লক্ষ্যৰ দিশত কাম কৰিবলৈ আহ্বান

author-image
Asomiya Pratidin
New Update
হেব্ৰনত পৰিষদৰ মুখ্য কাৰ্যালয়ত ৪৪ সংখ্যক নাগা গণৰাজ্য দিৱস উদযাপন..

ডিজিটেল সংবাদ, বেকাজানঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ ৪৪ সংখ্যক নগা গণৰাজ্য দিৱস। ২২ মাৰ্চত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম) কাউন্সিলৰ মুখ্য কাৰ্যালয় হেব্ৰনত মঙলবাৰে ৪৪ সংখ্যক নগা গণৰাজ্য দিৱস উদযাপন কৰা হয়।

Advertisment

গণৰাজ্য দিৱসত এন এছ চি এন (আই এম)ৰ সভাপতি কিউ টুকুৱে ভাষণ প্ৰসংগত ২০১৫ চনৰ ৩ আগষ্টত নাগা আৰু ভাৰতৰ এই দুয়ো সত্তাৰ মাজত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট অৰ্থাৎ কাঠামো চুক্তিৰ প্ৰতি ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, ফ্ৰেমৱৰ্ক চুক্তিয়ে এটা সাৰ্বভৌম জনগোষ্ঠী হিচাপে নগাৰ ৰাজনৈতিক পৰিচয়ক স্বীকৃতি আৰু সুৰক্ষা দিছিল। সন্মতিক্ৰমে হোৱা কথাবোৰৰ লগত বৰ্তমান ধেমালি কৰিবলৈ আৰম্ভ কৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে।

২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতত স্বাক্ষৰ কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ঘোষণা কৰাৰ কথা মনত উদ্ধিতি দি কয় যে, "আজি ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ হোহোকা পিছলা হোৱাৰ লগে লগে কাঠামো চুক্তিৰ ভাগ্যৰ ওপৰত ওলমি আছে। কিন্তু নগা নেতৃত্বই সম্পূৰ্ণ প্ৰতিশ্ৰুতি আৰু দৃঢ়তাৰে আলোচনা আগবঢ়াই লৈ গৈছে । কাৰণ নগাৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত বহু ত্যাগ আছে।"

এন এছ চি এনৰ এই গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত নগা মাদাৰ এছচিয়েচন আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ চাংলাং লংডিং পিপলছ ফ্ৰণ্টকে ধৰি ১৩টা নগা নাগৰিক সমাজৰ সংগঠনে এই সভাত উপস্থিত থাকে। নগা হোহো, গ্ল’বেল নাগা ফ’ৰাম (জি এন এফ), নগা পিপলছ মুভমেণ্ট ফৰ হিউমেন ৰাইটছ, নগা ষ্টুডেণ্টছ ফেডাৰেচন (এন এছ এফ), নগা ষ্টুডেণ্টছ ইউনিয়ন শ্বিলং, ইষ্টাৰ্ণ নাগা ষ্টুডেণ্টছ ফেডাৰেচন, ইষ্টাৰ্ণ নাগা পিপলছ অৰ্গেনাইজেচন (ই এন পি অ’), ইউনাইটেড নগা কাউন্সিল (ইউ এন চি ), ৰেংমা নগা পিপলছ কাউন্সিল (আৰ এন পি চি), অসম আৰু জেমে কাউন্সিল অসম (জেডচি এ), ম্যানমাৰৰ নগা পিপলছ অৰ্গেনাইজেচনৰ (এন পি অ’), প্ৰতিনিধি উপস্থিত আছিল।

ইফালে এন এছ চি এনৰ নিকি চুমী গোটেও ডিমাপুৰৰ পদুম পুখুৰীত থকা কাৰ্যালয়ত ৪৩ সংখ্যক নগা গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উদযাপনত ভাষণ দি কয় -- নগা পৰিচয় আৰু ৰাজনৈতিক অধিকাৰৰ বাবে পূৰ্বপুৰুষসকলে কৰা ত্যাগক স্বীকাৰ কৰিছিল। নগা পৰিচয় ৰক্ষাৰ বাবে নিজৰ ক্ষমতাৰে এই ত্যাগ অৰিহণা কৰিবলৈ নতুন প্ৰজন্মক আহ্বান জনাইছে। তেওঁ কয় যে আগতে নগাই এক উমৈহতীয়া লক্ষ্যৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰিছিল।

কিন্তু বৰ্তমান নগাসকল জনজাতীয়তাবাদ আৰু বংশবাদৰ ৰেখাৰ ওপৰত ভিত্তি কৰি টুকুৰাকৈ ভাঙি যোৱাৰ অৱস্থা । নগাসকলৰ মাজত এতিয়া অমিল সৃষ্টি হৈছে। নিকি চুমীয়ে উল্লেখ কৰে যে, নতুন প্ৰজন্মৰ বুদ্ধিজীৱীসকলে নগা ৰাজনৈতিক অধিকাৰ বুজি পায়। কিন্তু নিজৰ অধিকাৰ লৈ আপোচ কৰা হৈছে । তেওঁ সকলো নগা জনসাধাৰণকে ইতিহাস আৰু পূৰ্বপুৰুষৰ প্ৰতিশ্ৰুতি উপলব্ধি কৰিবলৈ আৰু পৰিচয় ৰক্ষা আৰু ৰাজনৈতিক অধিকাৰ লাভৰ বাবে এক উমৈহতীয়া লক্ষ্যৰ দিশত কাম কৰিবলৈ আহ্বান জনায়।

Also Read: National Parks of Assam: পৰ্যটকক আৰ্কষণ কৰা অসমৰ ৰাষ্ট্ৰীয় উদ্যান

nagaland