চি আৰ পি এফৰ ইতিহাসত প্ৰথমঃ শীৰ্ষ দুই পদত দুই মহিলা বিষয়াক নিযুক্তি...

author-image
Asomiya Pratidin
New Update
চি আৰ পি এফৰ ইতিহাসত প্ৰথমঃ শীৰ্ষ দুই পদত দুই মহিলা বিষয়াক নিযুক্তি...

CRPF

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুগৰাকীকৈ মহিলা বিষয়াক মহাপৰিদৰ্শক পদলৈ পদোন্নতি দিয়া হৈছে। চি আৰ পি এফত মহাপৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰা এই দুই মহিলা বিষয়া ক্ৰমে আই জি এনি আব্ৰাহম আৰু আই জি সীমা ধুণ্ডিয়া।

Advertisment

ইয়াৰে আই জি এনি আব্ৰাহমক ৰেপিড একশ্যন ফ'ৰ্চ চমুকৈ আৰ এ এফৰ মুৰব্বী হিচাপে পদোন্নতি দিয়া হৈছে। আই জি সীমা ধুণ্ডিয়াক চি আৰ পি এফৰ বিহাৰ খণ্ডৰ মুৰব্বী হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। এই দুয়োগৰাকী শীৰ্ষ মহিলা বিষয়া চি আৰ পি এফত যোগদান কৰা প্ৰথমটো মহিলা দলৰ সদস্য আছিল। ১৯৮৭ চনত তেওঁলোকে চি আৰ পি এফত যোগদান কৰিছিল।

উল্লেখ্য যে এই দুয়োগৰাকী শীৰ্ষ বিষয়াই ইতিমধ্যে দেশৰ লগতে বিদেশী ৰাষ্ট্ৰতো কাম কৰাৰ অভিজ্ঞতা সঞ্চয় কৰিছে। সীমা ধুণ্ডিয়া লিবেৰিয়াত ৰাষ্ট্ৰংসঘৰ মিছনত পোন প্ৰথমবাৰৰ বাবে এফ পি ইউ কণ্টিজেণ্ট কমাণ্ডাৰ আছিল। ইয়াৰো পৰি ধুণ্ডিয়াই ইয়াৰ পূৰ্বে আৰ এ এফত ডি আই জি হিচাপে কাম কৰিছিল।

এনি আব্ৰাহমেও লিইবেৰিয়াত ৰাষ্ট্ৰসংঘৰ মিছনত সৰ্বমহিলা এফ পি ইউৰ কমাণ্ড কৰাৰ লগতে ফ'ৰ্চ হেডকোৱাৰ্টাৰত ডি আইজি ইন্টেলিজেন্স হিচাপে সেৱা আগবঢ়াইছিল। এই দুয়োগৰাকী শীৰ্ষ বিষয়াই ইতিমধ্যে মেধাৱী সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আৰু আৰক্ষী পদক আৰু অতি উৎকৃষ্ট সেৱা পদকো লাভ কৰিছে।

CRPF