/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/63fc03ba-0c03-420b-9b94-0a4fac979734/president.jpg)
murmu
ডিজিটেল ডেস্ক: ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ অন্তিম সৎকাৰত উপস্থিত থাকিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ হ'বলগীয়া এলিজাবেথৰ অন্তিম সৎকাৰ কাৰ্যসূচীত ভাৰতৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলী অৰ্পন কৰিব ৰাষ্ট্ৰপতি মূৰ্মুয়ে।
৮ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল ব্ৰিটেইনৰ ৰাণী এলিজাবেথে। তাৰ পাছতেই ১১ ছেপ্টেম্বৰত ভাৰতে এদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিল।
উল্লেখ্য যে, এলিজাবেথৰ অন্তিম সৎকাৰ অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু নেতা উপস্থিত থাকিব। ইতিমধ্যে বহুতকে ইয়াৰ বাবে নিমন্ত্ৰণী পত্ৰও প্ৰেৰণ কৰা হৈছে। ফৰেন কমনৱেল্থ এণ্ড ডেভেলপমেন্ট অফিচৰ সূত্ৰ অনুসৰি এই অনুষ্ঠাত দেশ বিদেশৰ প্ৰায় ৫০০ গৰাকীকৈ গন্য মান্য ব্যক্তি উপস্থিত থাকিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us