আই আই টি গুৱাহাটীত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব 'পৰম কামৰূপা'

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে আইআইটি গুৱাহাটী চৌহদত চুপাৰ কম্পিউটাৰ সুবিধা থকা 'পৰম কামৰূপা'

author-image
Asomiya Pratidin
New Update
৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা বসন্তৰ দয়াৰ আবেদন খাৰিজ ৰাষ্ট্ৰপতিৰ

murmu

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে আইআইটি গুৱাহাটী চৌহদত উদ্বোধন কৰিব চুপাৰ কম্পিউটাৰ সুবিধা থকা 'পৰম কামৰূপা' । লগতে এটা উচ্চ শক্তি সক্ৰিয় আৰু নিষ্ক্ৰিয় উপাদান পৰীক্ষাগাৰ 'সমীৰ' উদ্বোধন কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।

Advertisment

এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰ আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে অন্যান্য বিশিষ্ট লোক সকল উপস্থিত থাকিব।

আইআইটি-গুৱাহাটীৰ অনুষ্ঠানটোত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভাৰ্চুৱেল উদ্বোধন কৰা হব। লগতে ডিব্ৰুগড় আৰু মধ্য প্ৰদেশৰ জবলপুৰৰ ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰ জোনেল ইনষ্টিটিউটৰ আধাৰশিলা স্থাপনো কৰিব।

এই সন্দৰ্ভত আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে কয়, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আই আই টিলৈ অহাটো পৰম সৌভাগ্যৰ কথা আৰু তেওঁক আদৰণি জনাই সীথাৰামে।

draupadi murmu IIT Guwahati