চন্দ্ৰলৈ উদ্ধাৰ অভিযান চলাবলৈ হেনো অপাৰগ মুম্বাই আৰক্ষী, জনালে টুইটযোগে...

চন্দ্ৰলৈ উদ্ধাৰ অভিযান চলাবলৈ হেনো অপাৰগ মুম্বাই আৰক্ষী, জনালে টুইটযোগে...

ডিজিটেল ডেস্ক : ইন্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ সৈতেই বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ জনপ্ৰিয়তা । ইয়াৰ সৈতেই গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগসমূহেও সামাজিক সচেতনাত বৃদ্ধি কৰিবলৈ হাতত লৈছে বহু পৰিকল্পনা । এই সকলো পৰিকল্পনা সামাজিক মাধ্যমৰ বাবেই । ৰাইজৰ মাজত বিভাগসমূহে অতি কম সময়তেই লাভ কৰিলে বহুল জনপ্ৰিয়তা । বহু সময়ত লঘু হাস্যৰসৰ খোৰাকো হৈ পৰিল এই সামাজিক মাধ্যমসমমূহ ।

তেনে এক ঘটনাই সংঘটিত হ'ল মুম্বাই আৰক্ষীৰ সৈতে । বিগত সোমবাৰে, মুম্বাই আৰক্ষীয়ে এক টুইটযোগে প্ৰকাশ কৰিছিল যে, যিকোনো স্থানৰ পৰাই উদ্ধাৰ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হ'লে ডায়েল কৰিব পাৰিব '১০০' নম্বৰ ।

তাৰ পাছতেই সেই টুইটটিত ভৰি পৰিল ৰাইজৰ বিভিন্ন কমেন্ট । এগৰাকী লোকে মহাকাশচাৰীৰ পোচাক পৰিধান কৰা এখন ফ'টো শ্বেয়াৰ কৰি চন্দ্ৰলৈ মুম্বাই আৰক্ষীক উদ্ধাৰৰ বাবে জনাইছিল আহ্বান ।

সামাজিক মাধ্যমৰ লঘুহাস্য ৰসৰ সৈতে পৰিচিত মুম্বাই আৰক্ষীয়েও উদ্ধাৰ অভিযানত যাব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি জনালে সমবেদনা । ইয়াৰ সৈতেই ব্যক্তিগৰাকীক মুম্বাই আৰক্ষীৰ ওপৰত ৰখা বিশ্বাসৰ বাবেও ধন্যবাদ জ্ঞাপন কৰিলে ।

এতিয়া এই সমগ্ৰ কথোপকথন সামাজিক মাধ্যমত চৰ্চিত । ৰাইজৰ সুৰক্ষাৰ বাবে সদাব্যস্ত আৰক্ষী সকলে কৰ্মৰ মাজতে এনেদৰে লঘু হাস্যৰসৰ সৃষ্টি কৰি সকলোকে মনোৰঞ্জন দিয়া ঘটনাই লাভ কৰিছে ৰাইজৰ প্ৰশংসা ।    

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in