মুম্বাই অপৰাধ শাখাৰ জালত ম'বাইল চোৰ

মুম্বাই অপৰাধ শাখাৰ জালত ম'বাইল চোৰ

ডিজিটেল ডেস্ক : এটা দুটা নহয় ২৫টাকৈ গোচৰত অভিযুক্ত এজন চোৰ। মুম্বাইৰ এইগৰাকী চোৰৰ নাম ৰামনিবাস মঞ্জু গুপ্তা।

ধৃত গুপ্তাই যোৱা এপ্ৰিল মাহত মুম্বাইৰ এখন ম'বাইল দোকানৰ পৰা ম'বাইল ফোন চুৰি কৰিছিল। এই সন্দৰ্ভত দোকানখনৰ গৰাকীয়ে স্থানীয় আৰক্ষীক খবৰ দিছিল। কিন্তু অতদিনে আৰক্ষীয়ে ধৃত চোৰগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল।

সেয়ে পৰ্যায়ক্ৰমে চুৰিকাণ্ডৰ গোচৰটো মুম্বাই অপৰাধ শাখালৈ স্থনান্তৰিত কৰে। অপৰাধ শাখাৰ হাতত পৰাৰ লগে লগে আৰম্ভ হয় তদন্ত। তদন্তৰ ভিত্তিত নাছিকত চলাই অভিযান।

এই অভিযানৰ সময়ছোৱাত ধৃত ৰামনিবাস মঞ্জু গুপ্তাৰ ওপৰত অপৰাধ শাখাৰ দলটিৰ সন্দেহ ওপজে। শাখাৰ কঠোৰ জেৰাৰ সন্মুখীন হৈ ধৃত চোৰটোৱে সকলো কথা বিৱৰি কয়।

ইয়াৰোপৰি তেওঁ নাছিকত ভুৱা পৰিচয়ৰে বিগত ভালেকেইদিন ধৰি বাস কৰি আছিল। উক্ত দোখনখনৰ পৰা ধৃত ৰামনিবাস মঞ্জু গুপ্তাই ৬৭ টা আইফোন, ৫৭ টা এণ্ড্ৰইড ফোন আৰু নগদ ২৫ লাখ টকা চুৰ কৰিছিল। বৰ্তমান ধৃত চোৰটো মুম্বাই অপৰাধ শাখাৰ জিম্মাত আছে।

মুম্বাই অপৰাধ শাখাৰ জালত ম'বাইল চোৰ
বিশ্ববিদ্যালয়লৈ উন্নীত নহয় ৰাজ্যৰ ৮ মহাবিদ্যালয়ঃ পূৰ্বে কৰা ঘোষণা বাতিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in