/asomiyapratidin/media/media_files/2025/05/09/gt5A8NKMVoSSgEVIkMBX.png)
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক উচিত শিক্ষা দিয়াৰ উদ্দেশ্যৰে ভাৰতে পাকিস্তানত কৰা প্ৰত্যাঘাত অব্যাহত আছে। বৃহস্পতিবাৰে নিশাৰে পৰা ভাৰত আৰু পাকিস্তান এক পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ দিশে আগবঢ়াৰ সময়তে ভাৰতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
শেহতীয়া যুদ্ধ সদৃশ পৰিস্থিতিত আজিৰে পৰা আগন্তুক ৩ দিনলৈ পঞ্জাবৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। লেহতো দুদিনৰ বাবে বন্ধ কৰা হৈছে সকলো শিক্ষানুষ্ঠান।
আই চি এ আইয়ে পিছুৱাই দিছে ৯ আৰু ১৪ তাৰিখে অনুষ্ঠিত হ’বলগীয়া সকলো পৰীক্ষা। যুদ্ধ পৰিস্থিতিৰ হটস্পট জম্মু-কাশ্মীৰৰো শিক্ষানুষ্ঠানসমূহ বন্ধ আছে যদিও ইয়াৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে।
দিল্লী চৰকাৰে বাতিল কৰিছে সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটী। নতুন নিৰ্দেশনা নহালৈকে কোনো কৰ্মচাৰীয়ে ছুটীৰ বাবে আবেদন কৰিব নোৱাৰিব।
বৃহস্পতিবাৰে নিশাৰে পৰা ভাৰতৰ স্থল, বায়ু আৰু নৌসেনাই পাকিস্তানত কৰা প্ৰত্যাঘাতৰ পাছত এইবাৰ ভাৰতে আন এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতে মুকলি কৰি দিছে ছালাল নদী বান্ধৰ কেইবাখনো গেট।
ভাৰতৰ পৰা পাকিস্তানলৈ বৈ যোৱা চেনাব নদীৰ ওপৰত আছে এই ছালাল নদী বান্ধ। ফলত পাকিস্তানৰ কেইবাটাও ডাঙৰ অঞ্চলত বানপানীৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ্য, বুধবাৰৰ পৰাই সীমান্ত অঞ্চলৰ কেইবাটাও বিমান বন্দৰ বন্ধ কৰি দিয়াৰ পিছত বৃহস্পতিবাৰে একাধিক ৰাজ্যৰ বিমান বন্দৰৰ পৰা বিমানৰ উৰণ আৰু অবতৰণ বন্ধ কৰা হৈছিল। তাৰোপৰি গ্ৰহণ কৰা হৈছিল একাধিক সুৰক্ষামূলক ব্যৱস্থা।
৮ মে’ত ধৰমশালাত অনুষ্ঠিত হোৱা পঞ্জাৱ আৰু দিল্লীৰ মাজৰ আই পি এলৰ মেচখন আধাতে বন্ধ কৰা হৈছিল। আজি ধৰ্মশালাৰ পৰা আই পি এলৰ দুয়োটা দলৰ খেলুৱৈসকলক বিশেষ ট্ৰেইনেৰে স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ পাছতেই বিদেশী খেলুৱৈসকলক দিল্লী অথবা মুম্বাইৰ পৰা পোনে পোনে স্বদেশলৈ প্ৰেৰণ কৰাৰো সম্ভাৱনা আছে।