ৱাকফ আইনৰ সৈতে কি সম্পৰ্ক মুকেশ আম্বানীৰ এণ্টিলিয়াৰ?

ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ লোকসভা, ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে চৰ্চালৈ আহিছে দেশৰ শীৰ্ষ উদ্যোগপতি মুকেশ আম্বামীৰ মুম্বাইস্থিত তেওঁৰ গগণচুম্বী অট্টালিকা এণ্টিলিয়াৰ প্ৰসংগ।

author-image
Tushar Pratim
New Update
ৱাকফ আইনৰ সৈতে কি সম্পৰ্ক মুকেশ আম্বানীৰ এণ্টিলিয়াৰ?

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাজ্যসভাত দাখিল কৰা ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ শুকুৰবাৰে পুৱতি নিশা ২.৩৩ বজাত গৃহীত হয়। লোকসভাৰ পাছত ৰাজ্যসভাতো এই বিধেয়কখন গৃহীত হোৱাত ই আইনলৈ পৰিণত হোৱাৰ বাট মুকলি হ’ল।

Advertisment

ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে চৰ্চালৈ আহিছে দেশৰ শীৰ্ষ উদ্যোগপতি মুকেশ আম্বামীৰ মুম্বাইস্থিত তেওঁৰ গগণচুম্বী অট্টালিকা এণ্টিলিয়াৰ প্ৰসংগ। পিছে ৱাকফ আৰু এণ্টিলিয়াৰ মাজত কি এনে সম্পৰ্ক আছে যাৰ বাবে ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হোৱাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে?

এই বিষয়ে জনাৰ আগতে জানি লওঁ আহক এণ্টিলিয়াৰ বিষয়ে কেইটামান তথ্য

এণ্টিলিয়া দেশৰ আটাইতকৈ ধনী ব্যক্তি, ৰিলায়েঞ্চৰ মুৰব্বী মুকেশ আম্বানীৰ বিলাসী অট্টালিকা তথা তেওঁলোকৰ বাসগৃহ। মুম্বাইৰ বিলিয়নাৰছ ৰোডত অৱস্থিত এই অট্টালিকা ২৭ মহলীয়া। ইয়াৰ উচ্চতা ১৭৩ মিটাৰ (৫৬৮ ফুট) আৰু ই ৩৭,০০০ বৰ্গমিটাৰ (৪০০,০০০ বৰ্গফুট) এলেকা সামৰি আছে।

এণ্টিলিয়াত আছে ১৬৮ খন গাড়ী পাৰ্কিং কৰিব পৰা এটা গেৰেজ, নটা হাই-স্পীড লিফ্ট, ৫০ খন আসনৰ এটা চিনেমা হল, টেৰেচ গাৰ্ডেন, কেইবাটাও চুইমিং পুল, স্পা, স্বাস্থ্য কেন্দ্ৰ, মন্দিৰ। অট্টালিকাৰ ছাদত আছে হেলিপেডো।

এণ্টিলিয়াৰ নিৰ্মাণৰ কাম ২০০৬ চনত আৰম্ভ কৰা হৈছিল আৰু ২০১০ চনত নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল। ইয়াক নিৰ্মাণ কৰোঁতে ব্যয় কৰা হৈছিল ২ বিলিয়ন ডলাৰ। এণ্টিলিয়া ভূমিকম্পৰ পৰাও সুৰক্ষিত। ৮ প্ৰাবল্য পৰ্যন্ত ভূমিকম্প ই সহজেই সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। ২০১৪ চনত ই বিশ্বৰ আটাইতকৈ ব্যয়বহুল ব্যক্তিগত বাসগৃহ হিচাপে বিবেচিত হৈছিল।

ৱাকফৰ সৈতে কি সম্পৰ্ক এণ্টিলিয়াৰ?

অভিযোগ অনুসৰি মুকেশ আম্বানীৰ এণ্টিলিয়া যি ভূমিত নিৰ্মাণ কৰা হৈছে সেই ভূমি হেনো দৰাচলতে ৱাকফ ব’ৰ্ডৰহে সম্পত্তি। তথ্য অনুসৰি এই ভূমিখিনি Currimbhoy Ebrahim Khoja Orphanage Trust ৰ হে আছিল। এই Currimbhoy Ebrahim Khoja Orphanage Trustৰ সম্পত্তি মুছলমান দাতব্য সংস্থা ৱাকফৰ বুলি গণ্য কৰা হয়।  

২০০২ চনত Currimbhoy Ebrahim Khoja Orphanage Trust ট্ৰাষ্টে ৪,৫৩২ বৰ্গমিটাৰ মাটি এন্টিলিয়া কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডক ২১ কোটি ৫ লাখ টকাত বিক্ৰী কৰে। কিন্তু, সেই সময়ত মুম্বাইৰ দৰে এখন চহৰত এই ভূমিখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১.৫ বিলিয়ন টকা আছিল বুলি অনুমান কৰা হৈছে।

মহাৰাষ্ট্ৰ ৰাজ্যিক ৱাকফ ব’ৰ্ডে দাবী কৰে, Currimbhoy Ebrahim Khoja Orphanage Trust য়ে মুকেশ আম্বানীক এই ভূমি বিক্ৰী কৰাৰ গোটেই প্ৰক্ৰিয়াটো অবৈধ। ই ৱাকফ আইনৰ বিধানৰ বিৰুদ্ধে আছিল। কিয়নো ভূমিখিনি বক্ৰীৰ ক্ষেত্ৰত ৱাকফ ব’ৰ্ডৰ পৰা অনুমোদন লোৱা হোৱা নাছিল।

বম্বে উচ্চ ন্যায়ালয়লৈ দিয়া শপতনামাত মহাৰাষ্ট্ৰ ৰাজ্যিক ব’ৰ্ড অৱ ৱাকফছৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়াই এই সন্দৰ্ভত উল্লেখ কৰিছি ২০০৫ চনত ভূমিখিনিৰ বিক্ৰী আৰু পৰৱৰ্তী সময়ত ইয়াৰ অনুমোদন অবৈধ। ইয়াৰ পাছত ৱাকফ ব’ৰ্ডে আম্বানীৰ পৰা এই মাটিখিনি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও উদ্যোগপতিগৰাকীয়ে বম্বে উচ্চ ন্যায়ালয়ৰ পৰা স্থগিতাদেশৰ আদেশ লাভ কৰে।

একাংশই দাবী কৰি আহিছে এণ্টিলিয়া নিৰ্মাণ কৰা এই মাটিখিনি ৱাকফ ব’ৰ্ডৰ অধীনত মুছলমান শিশুৰ বাবে শিক্ষা আৰু দাতব্য কামৰ বাবে কৰা ব্যৱহাৰ কৰা হৈছিল। এনে বিতৰ্কৰ মাজতে এই গোচৰটো চি বি আইৰ হাতলৈয়ো যায়।

আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল মুকেশ আম্বানীয়ে এণ্টিলিয়া নিৰ্মাণ আৰম্ভ কৰাৰ পূৰ্বেই ভূমিখিনিৰ বাবে ৱাকফ ব'ৰ্ডৰ পৰা আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ অৰ্থাত এন অ’ চি লাভ কৰিছিল। তথাপিও এই গোচৰটো ন্যায়ালয়ৰ মজিয়াত বিবেচনাধীন হৈ আছে। 

ৰাজনৈতিক নেতাৰ মুকলি অভিযোগ

২০২৪ চনত ৱাকফ আইনৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হোৱাৰ সময়ত দেশজুৰি এই বিষয়টোক লৈ বিতৰ্ক আৰম্ভ হয়। স্বাভাৱিকতে মুছলমান নেতাসকলে ৱাকফ আইনৰ সংশোধনৰ বিৰোধিতা কৰে।

তাৰ মাজতেই ২০২৪ ৰ ২ নৱেম্বৰত এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অনুষ্ঠানত এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে মুকলিকৈ দাবী কৰে  ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা উদ্যোগপতি মুকেশ আম্বানীৰ মুম্বাইস্থিত বাসগৃহ এন্টিলিয়া ৱাকফ ব’ৰ্ডৰ মাটিত নিৰ্মাণ কৰা হৈছে। 

 

মুকেশ আম্বানী ৱাকফ