ডিজিটেল ডেস্কঃ দেশৰ ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠান বি এছ এন এলে অত্যাধিক সমস্যা আৰু অভিযোগৰ বাবে নিজৰ সেৱা সীমিত কৰাৰ সময়তে গ্ৰাহকক নতুন নতুন ৰিচাৰ্জ প্লেনেৰে আকৰ্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰিলায়েঞ্চ জিঅ’য়ে। বি এছ এন এলে তেওঁলোকৰ ৩ জি সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ বিপৰীতে ৪ জি সেৱা উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
এনে সময়তে নতুন বছৰৰ আৰম্ভণিতে ৰিলায়েন্স জিঅ’য়ে ইয়াৰ ব্যৱহাৰকাৰীৰ বাবে এন নতুন ৰিচাৰ্জ প্লেন ঘোষণা কৰিছে। এই নতুন ৰিচাৰ্জ প্লেন ২,১৫০ টকাৰ। এই ৰিচাৰ্জ প্লেনৰ বৈধতা ২০০ দিনৰ।
এই ২০০ দিনত মুঠ ৫০০ জিবি ডাটা লাভ কৰিব গ্ৰাহকে। তাৰোপৰি থাকিব প্ৰতিদিনে ১০০ টাকৈ এছ এম এছ সেৱা আৰু ২১৫০ ৰ কুপন।
অৱশ্যে এই ৰিচাৰ্জ প্লেন ১১ জানুৱাৰীলৈকেহে অব্যাহত থাকিব। যিসকল গ্ৰাহকে এই নতুন ৰিচাৰ্জ প্লেনৰ প্ৰতি আগ্ৰহী তেওঁলোকে ১১ জানুৱাৰীৰ পূৰ্বে এই ৰিচাৰ্জ কৰিব পাৰিব।
জিঅ’ চীম ব্যৱহাৰকাৰীসকলে মাই জিঅ’ এপ বা অফিচিয়েল ৰিলায়েন্স জিঅ’ ৱেবছাইটৰ জৰিয়তে এই ৰিচাৰ্জ কৰিব পাৰিব।