Advertisment

একেখন দেশ, খাদ্যক লৈ পৃথক আইন কিয়? প্ৰশ্ন শত্ৰুঘ্ন সিনহাৰ...

''দেশৰ বহু ঠাইত গো-মাংস নিষিদ্ধ কৰা হৈছে। সেয়ে কেৱল গো-মাংসই নহয়, সমগ্ৰ দেশতে আমিষ খাদ্য নিষিদ্ধ কৰিব লাগে।'' এই মন্তব্য তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাই। 

author-image
Asomiya Pratidin
New Update
একেখন দেশ, খাদ্যক লৈ পৃথক আইন কিয়? প্ৰশ্ন শত্ৰুঘ্ন সিনহাৰ...

ডিজিটেল ডেস্কঃ ''দেশৰ বহু ঠাইত গো-মাংস নিষিদ্ধ কৰা হৈছে। সেয়ে কেৱল গো-মাংসই নহয়, সমগ্ৰ দেশতে আমিষ খাদ্য নিষিদ্ধ কৰিব লাগে।'' এই মন্তব্য তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাই। 

Advertisment

মন কৰিবলগীয়া যে, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ খাদ্যভ্যাসৰ বিশেষত্বক লৈ মুখ খুলিছিল। তেওঁ কৈছিল কোনো কোনোৱে আমিষ খাই আৰু আন কোনো কোনোৱে নিৰামিষ আহাৰ খায়। এয়াই ভাৰত।

মমতা বেনাৰ্জীৰ এনে মন্তব্যৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰিলে দলটোৰ সাংসদত তথা অভিনেতা শত্ৰুঘ্ন সিনহাই। গো-মাংস নিষিদ্ধ কৰাৰ প্ৰসংগত কবলৈ গৈ তেওঁ সমগ্ৰ দেশতে আমিষ খাদ্য নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিলে।

কেৱল সেয়াই নহয়, তেওঁ উত্তৰাখণ্ডত বিজেপি চৰকাৰে কাৰ্যকৰী কৰা ইউনিফৰ্ম চিভিল কোডকো ভূয়সী প্ৰশংসা কৰিছে। বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে তেওঁ উত্তৰাখণ্ড চৰকাৰক সাধুবাদো জনাইছে।

মঙলবাৰে এ এন আইৰ আগত শত্ৰুঘ্ন সিনহাই কয়, সমগ্ৰ দেশত আমিষ খাদ্য নিষিদ্ধ কৰা উচিত। চৰকাৰে বিভিন্ন স্থানত গো-মাংস বিক্ৰী বন্ধ কৰিছে। কিন্তু এতিয়াও অনেক ঠাইত গো-মাংস বিক্ৰী বা খোৱাৰ কোনো আইনী বাধা নাই। উত্তৰ পূৰ্বাঞ্চলৰ মানুহে মুকলিকৈ এতিয়াও এইবোৰ খাদ্য খায়। কিন্তু উত্তৰ ভাৰতত তেনে কৰিব নোৱাৰে।

তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চলত গো-মাংস খালে য়াম্মি আৰু উত্তৰ ভাৰতত খালে মাম্মি। এনে হব নোৱাৰে। যি আইন উত্তৰ ভাৰতৰ বাবে আছে তেনে আইন উত্তৰ পূৰ্বাঞ্চলৰ বাবেও হোৱা উচিত। দেশ একেখনেই। সেয়ে নিয়মো একেই হোৱা উচিত।

অৱশ্যে তেওঁ অভিন্ন দেৱানী বিধিৰ ক্ষেত্ৰত কিছু বিসংগতি আছে বুলিও কয় শত্ৰুঘ্ন সিনহাই। তেওঁ কয়, ইউ চি চি কাৰ্যকৰী কৰাৰ পূৰ্বে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰা উচিত।

শত্ৰুঘ্ন সিনহাৰ এনে মন্তব্য তৃণমূল কংগ্ৰেছৰ দলীয় স্থিতিৰ সংম্পূৰ্ণ বিপৰীত। দলটোৰ নেতৃ মমতা বেনাৰ্জীয়ে খাদ্যভ্যাসক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত কৈছিল, আপুনি কোন জাতৰ, কোন ৰাজ্যৰ পৰা আহিছে, আপুনি নিৰামিষ নে আমিষ খায় সেয়ে বিচাৰ নকৰে বংগই। এয়া বংগৰ গৌৰৱ।

 

মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছ