দিল্লীৰ পৰা আহিছে খবৰ, ২০২৪ ৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিৰ বতৰ...

দিল্লীৰ পৰা আহিছে খবৰ, ২০২৪ ৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিৰ বতৰ...
দিল্লীৰ পৰা আহিছে খবৰ, ২০২৪ ৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিৰ বতৰ...

ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সলনি হোৱাৰ সম্ভাৱনা আছে অসমৰ ৰাজনীতি। ৰাষ্ট্ৰীয় পৰ্যায়ত ২৬ টাকৈ বিৰোধী ৰাজনৈতিক দলে একত্ৰিত হৈ INDIA গঠন কৰাৰ দৰেই অসমত ইতিপূৰ্বে ১১ টাকৈ ৰাজনৈতিক দলে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰি একত্ৰিত হৈছে।

এ আই ইউ ডি এফক বাদ দি অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হৈছে যদিও আম আদমী পাৰ্টিয়ে প্ৰথমে এই মিত্ৰজোটৰ অংশীদাৰ হোৱা নাছিল। অৱশ্যে পৰৱৰ্তী সময়ত আপ, অসম এই মিত্ৰজোঁটৰ অংশীদাৰ হৈ পৰিছে।

সকলোৱে মিলি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে একোজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনীতিত ব্যাপক পৰিৱৰ্তন, বিজেপি বিৰোধী প্ৰৱল ঢৌৰ মাজতে অসমৰ ৰাজনীতি গৰম কৰিব পৰা এক খবৰ আহিছে দিল্লীৰ পৰা।

বিৰোধীৰ উমৈহতীয়া পাৰ্থী হিচাপে ৰাজ্য সভালৈ নিৰ্বাচিত হৈ যোৱা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই সাক্ষাৎ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় সভাপতি অৰবিন্দ কেজৰিৱালক। এই সাক্ষাতৰ সময়ছোৱাত উপস্থিত আছিল আপৰ সাংসদ ৰাঘৱ চাড্ডাও।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অজিত কুমাৰ ভূঞাই ৰাঘৱ চাড্ডাক সাক্ষাৎ কৰিছিল। কা আন্দোলনৰ পাছতে আঞ্চলিক গণ মৰ্চা নামেৰে এটা ৰাজনৈতিক দল খুলি প্ৰত্যক্ষ ৰাজনীতিলৈ অহা অজিত কুমাৰ ভূঞাই এইদৰে আপৰ নেতৃত্বক সাক্ষাৎ কৰা বিষয়টো ৰাজনীতিৰ এক গৰম খবৰ হিচাপে বিবেচিত হৈছে।

আম আদমী পাৰ্টি, অসমৰ সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি শীঘ্ৰেই অজিত কুমাৰ ভূঞাই দলটোত আনুষ্ঠানিক ভাৱে যোদগান কৰাৰ সম্ভাৱনা আছে। যদি সেয়াই হয়, তেন্তে অজিত কুমাৰ ভূঞাই অসমত আম আদমী পাৰ্টিক নেতৃত্ব দিয়াৰ সম্ভাৱন প্ৰৱল।

ভূঞাৰ আপলৈ আগমণে যে দলটোৰ কৰ্মীসকলক উৎসাহিত কৰিব সেয়া ইতিমধ্যে জানিব পৰা গৈছে। কেজৰিৱাল আৰু ৰাঘৱ চাড্ডাক অজিত ভূঞাই সাক্ষাৎ কৰাৰ ফটো ৰাজহুৱা হোৱাৰ পাছতে আমৰ কৰ্মীসকলক উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

দিল্লীৰ পৰা আহিছে খবৰ, ২০২৪ ৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিৰ বতৰ...
তীৰ্থ যাত্ৰী কঢ়িওৱা বাছৰ সৈতে যাত্ৰীবাহীৰ বাছৰ সংঘৰ্ষঃ ৬ জনৰ মৃত্যু, আহত ২৫...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in