প্ৰেম কৰাই হ'ল কাল! মাতৃয়ে বৰ্বৰভাৱে হত্যা কৰিলে কন্যাক...

প্ৰেম কৰাই হ'ল কাল! মাতৃয়ে বৰ্বৰভাৱে হত্যা কৰিলে কন্যাক...

author-image
Asomiya Pratidin
New Update
প্ৰেম কৰাই হ'ল কাল! মাতৃয়ে বৰ্বৰভাৱে হত্যা কৰিলে কন্যাক...

ডিজিটেল ডেস্কঃ নিজ মাতৃয়ে প্ৰাণ ল'লে এগৰাকী ১৯ বছৰীয়া যুৱতীৰ। আৰক্ষীয়ে জনাই যে, মহিলাগৰাকীয়ে নিজৰ কন্যাক ঘৰৰ ভিতৰত প্ৰেমিকৰ সৈতে দেখিছিল। তাৰ পাছতেই খঙতে কন্যাৰ ডিঙি চেপি হত্যা কৰে মাতৃয়ে। এই ঘটনা হায়দৰাবাদৰ ইব্ৰাহিমপটনমৰ।

Advertisment

অভিযুক্তৰ নাম জংগম্মা আৰু হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ নাম ভাৰ্গৱী বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে বুধবাৰে দুপৰীয়া জংগম্মাই খাদ্যগ্ৰহণ কৰিবলৈ ঘৰলৈ আহিছিল। তেতিয়াই তেওঁ ভাৰ্গৱীক প্ৰেমিকৰ সৈতে প্ৰত্যক্ষ কৰিছিল। এই কথাত তেওঁ ইমানেই ক্ষোভিত হৈ পৰে যে কন্যাক শাড়ীৰে ডিঙি চেপি হত্যা কৰে।

হত্যাৰ পূৰ্বে মহিলাগৰাকীয়ে ভাৰ্গৱীৰ প্ৰেমিকক ঘৰৰ বাহিৰলৈ পঠিয়াই দিছিল আৰু ভাৰ্গৱীৰ লগত মাৰপিট কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি ভাৰ্গৱীৰ ভাতৃয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। ভাতৃয়ে এজাহাৰত উল্লেখ কৰিছে যে বাহিৰৰ পৰা মাতৃয়ে তেওঁৰ বায়েকক প্ৰহাৰ কৰা দেখা পাইছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: কাইলৈ ৫৮ সংখ্যক এটিপিএ শ্বিল্ড ফুটবলৰ চূড়ান্ত খেল

hyderabad