/asomiyapratidin/media/media_files/2025/04/02/qM1OSJDiyxADKncH1Sdj.jpg)
ডিজিটেল ডেস্কঃ মাওবাদী কাৰ্যকলাপ হ্ৰাসৰ ক্ষেত্ৰত কেন্দ্ৰীয় ৫০য় গৃহমন্ত্ৰণালয়ে বিশেষ সফলতা অৰ্জন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) সম্পূৰ্ণ ৰূপে নিৰ্মূলৰ বাবে ২০২৬ চনৰ ৩১ মাৰ্চত নিৰ্ধাৰণ কৰাৰ এবছৰ পাছতে এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে।
গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰণ কৰা সময়তকৈ এবছৰ আগতেই দেশত নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা উল্লেখযোগ্য ভাৱে হ্ৰাস পাইছে। দেশজুৰি ৯ খন ৰাজ্যৰ ৩৮ খন জিলাৰ পৰিৱৰ্তে বৰ্তমান কেৱল ৭ খন ৰাজ্যৰ ১৮ খন জিলাতহে এই সমস্যাৰ প্ৰভাৱ আছে।
সাম্প্ৰতিক পৰ্যালোচনাত দেখা গৈছে যে এল ডব্লিউ ইৰ প্ৰভাৱত থকা সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ সংখ্যা ১২ৰ পৰা ৬লৈ হ্ৰাস পাইছে। এই ৬ খন জিলা চাৰিখন ৰাজ্যত বিস্তৃত হৈ আছে। আনহাতে, 'উদ্বেগৰ জিলাসমূহ' - য'ত উগ্ৰপন্থীৰ কাৰ্যকলাপ নগণ্য কিন্তু সুৰক্ষা বাহিনীয়ে পৰিস্থিতি মনিটৰিং কৰি আছে তাৰ সংখ্যাও ৯ৰ পৰা ৬লৈ হ্ৰাস পাইছে।
গৃহমন্ত্ৰী অমিত শ্বাহে এই অগ্ৰগতিৰ প্ৰশংসা কৰি X (এক্স) ত লিখিছে, "নক্সাল মুক্ত ভাৰত গঠনৰ দিশে আগুৱাই, আমাৰ দেশে আজি এক গুৰুত্বপূর্ণ মাইলফলক অতিক্ৰম কৰিছে। এল ডব্লিউ ই প্ৰভাৱিত জিলাৰ সংখ্যা কেৱল ৬ খন লৈ হ্ৰাস পাইছে। মোদী চৰকাৰ সুৰক্ষিত, শক্তিশালী আৰু সমৃদ্ধ ভাৰত নিৰ্মাণৰ বাবে নক্সালবাদৰ প্ৰতি কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে। তেওঁ ৩১ মাৰ্চ, ২০২৬ৰ ভিতৰত নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব বুলিও পুনৰ এবাৰ দোহাৰিছে।
গৃহমন্ত্ৰালয়ৰ এক মুখপাত্ৰই কৈছে যে, নতুন সুৰক্ষা শিবিৰ স্থাপন, পথ, যান-বাহন, পানী, বিদ্যুৎ আৰু অন্যান্য কল্যাণমূলক আঁচনিসমূহ গ্ৰামাঞ্চললৈ যোৱাৰ বাবে নক্সালবাদ নিৰ্মূলৰ ক্ষেত্ৰত এই অগ্ৰগতি সম্ভব হৈ উঠিছে।
বৰ্তমান এল ডব্লিউ ই প্ৰভাৱিত ৰাজ্যসমূহ ৯ৰ পৰা ৭লৈ হ্ৰাস পাইছে। প্ৰভাৱিত এই ৰাজ্যসমূহ হৈছে ছত্তীশগড়, ওড়িশা, ঝাৰখণ্ড, তেলেংগানা, মহাৰাষ্ট্ৰ, আন্ধ্ৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ। কেৰালাৰ ৱায়ানাড আৰু কান্নুৰ জিলা আৰু পশ্চিমবঙ্গৰ ঝাৰগ্ৰাম জিলা বৰ্তমান নক্সাল প্ৰভাৱিত তালিকাৰ বাহিৰলৈ গৈছে।
নক্সালবাদৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাসমূহ হ’ল ক্ৰমে ছত্তীশগড়ৰ বিজাপুৰ, কাংকৰ, নাৰায়ণপুৰ আৰু সুখমা, ঝাৰখণ্ডৰ পশ্চিম সিংভূম আৰু মহাৰাষ্ট্ৰৰ গাডচিৰোলি। উদ্বেগজনক জিলাসমূহ হ’ল অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু, মধ্যপ্ৰদেশৰ বালাঘাট, ওড়িশাৰ কান্ধমাল, কালাহাণ্ডি, মালকানগিৰি আৰু তেলেংগানাৰ ভদ্ৰাদ্ৰি-কোথাগুডেম।
উল্লেখ্য যে, ২০১০ চনত ১,৯৩৬টা এ ডব্লিউ ই ঘটনা সংঘটিত হৈছিল। যি ২০২৪ত ৩৭৪লৈ হ্ৰাস পাইছে। একেদৰে, নিহতৰ সংখ্যা ১,০০৫ৰ পৰা ১৫০লৈ হ্ৰাস পাইছে। নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা ১২৬ৰ পৰা কেৱল ১৮লৈ হ্ৰাস হৈছে।