বানপানীত উটি আহিল সেনাৰ মৰ্টাৰ শ্বেল! বিস্ফোৰণ হৈ দুজনৰ মৃত্যু, আহত কেইবাজনো

বানপানীত উটি আহিল সেনাৰ মৰ্টাৰ শ্বেল! বিস্ফোৰণ হৈ দুজনৰ মৃত্যু, আহত কেইবাজনো

author-image
Asomiya Pratidin
New Update
বানপানীত উটি আহিল সেনাৰ  মৰ্টাৰ শ্বেল!  বিস্ফোৰণ হৈ দুজনৰ মৃত্যু, আহত কেইবাজনো

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ জলপাইগুৰি জিলাতো তিস্তা নদীৰ বাঢ়নী পানীয়ে ভয়ংকৰ বিপদৰ সৃষ্টি কৰিছে। জানিব পৰা মতে শুকুৰবাৰে বাঢ়নী পানীত এটা মৰ্টাৰ শ্বেল উটি আহে আৰু সেইটো বিস্ফোৰণ হোৱাৰ ফলত ২ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

Advertisment

আৰক্ষীয়ে সন্দেহ কৰিছে যে মৰ্টাৰ শ্বেলটো সেনাৰ আছিল আৰু ছিকিমত ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ ফলত এইটো উটি আহিছে।

বিস্ফোৰণত যি দুজন লোকৰ মৃত্যু হৈছে এতিয়ালৈকে চিনাক্ত হোৱা নাই। আনহাতে চাৰিজন আহতক চিকিৎসালয়ত ভৰ্তি কৰাইতদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে, ভুক্তভোগীসকলে বানপানীত উটি অহা মৰ্টাৰ শ্বেলটো হাতেৰে চুই চাব খোজাত এই বিস্ফোৰণ হয়। আহত সকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে,৩-৪ অক্টোবৰৰ নিশা তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। উত্তৰ ছিকিমৰ ল'নক হ্ৰদৰ ওপৰৰ ডাৱৰ বিস্ফোৰণৰ ফলত জলস্তৰ বৃদ্ধি পাইছিল। তাৰ মাজতে সেনাৰ বাহন উটি যোৱাৰ উপৰিও গোলা-বাৰুদ আদিও উটি গৈছিল।

Also Read: ছিকিমত ১৯ জনৰ মৃত্যু, এতিয়াও আৱদ্ধ ৩০০০ লোক, আছে পৰ্যটকো...

flood