২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশনঃ উত্থাপন হ'ব ৮ খন বিধেক !

অহা ২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন। এইবাৰ অধিবেশনত মুঠ আঠখন বিধেয়ক উত্থাপন হ’ব। মণিপুৰৰ ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰস্তাৱো দাখিলৰ সম্ভাৱনা।

author-image
Tushar Pratim
New Update
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশনঃ উত্থাপন হ'ব ৮ খন বিধেক !

ডিজিটেল ডেস্কঃ অহা ২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন।খবৰ অনুসৰি এইবাৰ অধিবেশনত মুঠ আঠখন বিধেয়ক উত্থাপন কৰা হ’ব। তৰোপৰি মণিপুৰত জাৰি হৈ থকা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰস্তাৱো অধিবেশনত দাখিল কৰিব পাৰে।

Advertisment

সংসদৰ এই বৰ্ষাকালীন অহা অধিবেশন ২১ আগষ্টলৈকে মুঠ ২১ দিন ধৰি সংসদৰ অধিবেশন অনুষ্ঠিত হ’ব। ইয়াৰ মাজতে ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ সংসদৰ কাৰ্যসূচী বিৰত থাকিব। 

এই অধিবেশনত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ নিবিড় সংশোধনৰ বাবে নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশ আৰু ইয়াৰ কাৰ্যকৰীকৰণক লৈ সংসদত বিতৰ্ক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই বিষয়টোক লৈ ইতিমধ্যে কংগ্ৰেছ আৰু আৰজেডিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। 

আনকি বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াতো উঠিছেগৈ। উচ্চতম ন্যায়ালয়ে যদিও নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধন স্থগিত ৰখা নাই তথাপিও এই ক্ষেত্ৰত কিছু নীতি, নিৰ্দেশনা জাৰি কৰিছে।

তাৰোপৰি এই অধিবেশনতে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত ভাৰ্মাক লৈয়ো বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। নগদ ধনৰ কেলেংকাৰীত তেওঁৰ নাম জড়িত হোৱাক কেন্দ্ৰ কৰি যোৱা সময়ছোৱাত বিতৰ্ক অব্যাহত আছে।

এইবাৰ সংসদৰ বিতৰ্কত অপাৰেচন সিন্দূৰৰ বিষয়টোৱেও স্থান লাভ কৰাৰ সম্ভাৱনা আছে। যোৱা অধিৱেশনত সংসদত নতুন আয়কৰ বিধেয়ক উত্থাপন কৰা হৈছিল। ইয়াক পুনৰীক্ষণৰ বাবে যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। 

সেই বিধেয়ক এইবাৰ অধিবেশনত গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই অধিৱেশনত বিধেয়কখন গৃহীত হ’লে ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা এই আইনখন কাৰ্যকৰী হ’ব। এইবাৰ অধিবেশনত উত্থাপন হ’বলগীয়া ৮ খন বিধেয়কৰ ভিতৰত ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক, ৰাষ্ট্ৰীয় এণ্টি ড’পিং সংশোধনী বিধেয়ক, মণিপুৰ সামগ্ৰী আৰু সেৱা (সংশোধনী) বিধেয়ক,  পাব্লিক ট্ৰাষ্ট (সংশোধনী) বিধেয়ক,  ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (সংশোধনী) বিধেয়ক, কৰ (সংশোধনী) বিল উত্থাপন আছে।

ৰাজ্যসভা লোকসভা সংসদ ভৱন