আন্তৰ্জাতিক বজাৰত বিধ্বস্ত টকা...

ডলাৰৰ বিপৰিতে ৮০.৬১ লৈ বৃদ্ধি ভাৰতীয় টকাৰ মূল্য
আন্তৰ্জাতিক বজাৰত বিধ্বস্ত টকা...

ডিজিটেল ডেস্ক : বিপদে লগ এৰা নাই টকাক । আন্তৰ্জাতিক বজাৰত পুনৰ এবাৰ বিধ্বস্ত টকা । মূলত মুদ্ৰাস্ফিতি ৰুধিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই সুতৰ হাৰ বৃদ্ধি কৰাৰ বাবেই টকাৰ মূল্যৰ এই স্খলন হোৱা বুলি উল্লেখ কৰিছে ফিনৰেক্স ট্ৰেজাৰী এডভাইজাৰৰ কোষাগাৰৰ মুৰব্বী অনিল ভানঞ্চালিয়ে । এই মুদ্ৰাস্ফিতিৰ লগে লগেই ভাৰতীয় টকাই স্পৰ্শ কৰিলে যোৱা ২০ বছৰৰ ভিতৰত আটাইতকৈ শোচনীয় অৱস্থা ।

আনহাতে, তথ্য অনুসৰি ২০২৪ বৰ্ষলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই সুতৰ হাৰৰ তেনেস্থলত আৰু অধিক অৱনতি ঘটিব টকাৰ । সমগ্ৰ এছিয়াই এই সুতৰ হাৰ বৃদ্ধিৰ চিকাৰ হোৱাৰ বাবে কেৱল চীনৰ য়ুৱানেই প্ৰতি ডলাৰৰ বিপৰিতে ৭.১০ ত অৱস্থান কৰিবলৈ সক্ষম হয় । 

এই সন্দৰ্ভত, কোৱান্টআৰ্ট মাৰ্কেটিং চল্যুশ্বনৰ সঞ্চালক সমীৰ লোধাৰ বক্তব্য অনুসৰি, ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতি ডলাৰৰ বিপৰিতে ৮০ৰ ওপৰত টকাৰ মূল্য সম্বন্ধে নিৰৱ হৈ থাকিলে আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে অহা কেইটামান মাহৰ ভিতৰতেই ৮২ পৰ্যন্ত বৃদ্ধি পাব পাৰে টকাৰ মূল্য ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in