উৰিষ্যাত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰঃ বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব মোহন চৰণ মাঝিয়ে

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী
উৰিষ্যাত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰঃ বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব মোহন চৰণ মাঝিয়ে
উৰিষ্যাত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰঃ বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব মোহন চৰণ মাঝিয়ে

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে উৰিষ্যাই লাভ কৰিলে এগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী। ৰাজ্যখনৰ সদ্যসমাপ্ত ৰাজ্যিক বিধানসভা নিৰ্বাচনত উৰিষ্যাত বিজু জনতা দলক পৰাস্ত কৰি বিজেপিয়ে বিজয় সাব্যস্ত কৰাৰ পাছতে এতিয়া চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

আজি বিজেপিৰ শীৰ্ষ নেতা ৰাজনাথ সিঙে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে মোহন চৰণ মাঝিৰ নাম ঘোষণা কৰে। উল্লেখ্য যে, ৰাজ্যখনত বিজেপিৰ বিজয় হোৱাৰ পাছৰে পৰা মুখ্যমন্ত্ৰীৰ দৌৰত আছিল সম্বিত পাত্ৰ, গীৰিশ মুৰ্মুৰ দৰে শক্তিশালী নেতাৰ নাম। এইসকলোকে অতিক্ৰম কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সাজু হৈছে মোহন চৰণ মাঝি।  

মন কৰিবলগীয়া যে, উৰিষ্যাত প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। যোৱা ২৪ বছৰে ৰাজ্যখনত আছিল বিজু জনতা দলৰ চৰকাৰ। মুখ্যমন্ত্ৰী হিচাপে আছিল নবীন পাটনায়ক।

এইবাৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত নবীন পাটনায়কৰ দলক পৰাস্ত কৰি বিজেপি ক্ষমতালৈ অহাৰ পাছতে বিজেপিৰ দলীয় নেতা-কৰ্মীৰ মাজত দেখা গৈছে ব্যাপক উৎসুকতা। এই উৎসুকতাৰ সমান্তৰালকৈ ৰাজ্যখনত মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈয়ো চৰ্চা অব্যাহত আছিল।

বিশেষকৈ বিজেপিৰ মাজতে চৰ্চাত আছিল কেইবাজনো শক্তিশালী নেতাৰ নাম। এইসকল নেতাৰ মাজত আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা আদিবাসী সম্প্ৰদায়ৰ নেতা জুৱেল ওৰাম, বিজেপিৰ মুখপাত্ৰ তথা সদ্য নিৰ্বাচিত সাংসদ সম্বিত পাত্ৰ, দলটোৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, প্ৰাক্তন আমোলা গীৰিশ মুৰ্মু আদি।

কিন্তু মঙ্গলবাৰে এইসকলো চৰ্চা, সম্ভাৱনাক নস্যাৎ কৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নতুন মুখৰ সন্ধান কৰি মোহন চৰণ মাঝিক এই দায়িত্বৰ বাবে নিৰ্বাচিত কৰে। আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত অনুষ্ঠিত হয় এক বৈঠক।

এই বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং আৰু ভূপেন্দ্ৰ যাদৱ। এই বৈঠকৰ পাছতে তেওঁলোকে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰে।

স্মৰ্তব্য যে, বিধানসভা নিৰ্বাচনত মোহন চৰণ মাঝিয়ে প্ৰতিপক্ষ বিজেডিৰ প্ৰাৰ্থী মিনা মাঝিক ৮৭ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। আনহাতে মুখ্যমন্ত্ৰীৰ নামৰ উপৰিও বিজেপিৰ দুই শীৰ্ষ নেতাই আজি ৰাজ্যখনৰ বাবে দুজন উপ-মুখ্যমন্ত্ৰীৰো নাম ঘোষণা কৰিছে। মোহনৰ ডেপুটি হিচাপে থাকিব কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পাৰিদাই।

মন কৰিবলগীয়া যে, বিজু জনতা দলক পৰাস্ত কৰিলেও বিজেপি ২০০০ আৰু ২০০৪ চনত এই দলটোৰ সৈতে মিত্ৰতাত আছিল। সেই সময়ত বিজেডি চৰকাৰৰো অংশ আছিল বিজেপি।

উৰিষ্যাত এইবাৰ বিজেপিয়ে এককভাৱে নতুনকৈ গঠন কৰা ৰাজ্য চৰকাৰ বুধবাৰে শপতগ্ৰহণ কৰিব। এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু বিজেপি শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী।

উৰিষ্যাত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰঃ বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব মোহন চৰণ মাঝিয়ে
মোডীৰ মন্ত্ৰীসভাত ৫ হাজাৰ কোটি টকীয়া সাংসদঃ পবিত্ৰ মাৰ্ঘেৰিটা দৰিদ্ৰৰ তালিকাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in