প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব দেশৰ দীৰ্ঘতম সাগৰীয় দলং

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব দেশৰ দীৰ্ঘতম সাগৰীয় দলং

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব দেশৰ দীৰ্ঘতম সাগৰীয় দলং

ডিজিটেল ডেস্কঃ নতুন বছৰত আহিব কেইবাটাও ভাল খবৰ। ইয়াৰ ভিতৰত আছে দেশৰ সবাতোকৈ দীঘল দলঙৰ উদ্বোধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১২ জানুৱাৰীত দেশৰ আটাইতকৈ দীঘল সাগৰীয় দলং মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক (এমটিএইচএল) উদ্বোধন কৰিব । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেয়ে দেওবাৰে এই কথা জনায়।

এই দলঙখন মুম্বাইৰ সেৱাৰী আৰু ৰায়গড় জিলাৰ নাভা শ্বেভা অঞ্চল সামৰি লৈছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২১.৮ কিলোমিটাৰ। এই অঞ্চল দুটাৰ মাজৰ ২ ঘন্টীয়া যাত্ৰা দলং খনে ১৫-২০ মিনিটলৈ হ্ৰাস কৰিব।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১২ জানুৱাৰীত মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক উদ্বোধন কৰিব। এই দলংখনে ইয়াৰ সৈতে সংযুক্ত এলেকাসমূহত অৰ্থনৈতিক বিকাশ আনিব।

Also Read: পৃথিৱীৰ সবাতোকৈ গুৰুত্বপূৰ্ণ মানুহজন- আপুনি

narendra modi